আজি ৰাজনৈতিক দলৰে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি ৰাজনৈতিক দলৰে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি নিৰ্বাচন আয়োগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচন আয়োগৰ (ECI) এটা পূৰ্ণ পৰ্যায়ৰ দল ১৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় । এই প্ৰতিনিধি দলটোত নিৰ্বাচন

আজি নিৰ্বাচন আয়োগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচন আয়োগৰ (ECI) এটা পূৰ্ণ পৰ্যায়ৰ দল ১৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় । এই প্ৰতিনিধি দলটোত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীও অন্তৰ্ভুক্ত আছে । গুৱাহাটীত উপস্থিত হোৱাৰ পিছত দলটোক অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আদৰণি জনায় ।

নিৰ্বাচন আয়োগৰ বিচাৰপীঠখনে মঙলবাৰে ৰাজনৈতিক দলৰ নেতা, জ্যেষ্ঠ নিৰ্বাচনী বিষয়া আৰু ৰাজ্যিক নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হ’ব । লগতে জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলেও নিৰ্বাচন সম্পৰ্কীয় ব্যৱস্থা আৰু তৃণমূল পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে আয়োগক অৱগত কৰাৰ কথা আছে ।

জানিব পৰা মতে  সুৰক্ষা, লজিষ্টিক আৰু প্ৰশাসনিক প্ৰস্তুতিৰ মূল্যায়ন কৰিবলৈ আয়োগে ৰাজ্যৰ মুখ্য সচিব, গৃহ সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য নিৰ্বাচনী বিষয়া, আৰক্ষীৰ নোডেল বিষয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলকো সাক্ষাৎ কৰিব ।

ইফালে আজি নিৰ্বাচন আয়োগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব । আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰ্যালোচনা আৰু কৌশল নিৰ্ধাৰণৰ লক্ষ্যৰে আয়োজিত এই বৈঠকত ৰাজ্যৰ প্ৰতিটো মুখ্য দলেই নিজৰ প্ৰতিনিধি প্ৰেৰণ কৰিছে । বিজেপি দলৰ হৈ এই বৈঠকত অংশগ্ৰহণ কৰিব সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ৰণোজ পেগু, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ধ্ৰুৱজ্যোতি ডাউকাই । একেদৰে কংগ্ৰেছ দলৰ মজিয়াৰ পৰা ৰকিবুল হুছেইন, ৰিপুণ বৰা, প্ৰদীপ সৰকাৰ আৰু ৰতন ইংতি উপস্থিত থাকিব ।

আঞ্চলিক শক্তি অগপৰ হৈ বৈঠকত প্ৰতিনিধিত্ব কৰিব ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সুনীল ডেকা, নিপ কুমাৰ ফুকন আৰু পাৰ্থ প্ৰতিম মেধিয়ে । AIUDF দলৰ পৰা আমিনুল ইছলাম, আৱাল মজিদ, ছিদ্দিক আলী ঠাকুৰীয়া আৰু হাফিজ ৰফিকুল ইছলামে বৈঠকত অংশ ল’ব । আম আদমী পাৰ্টী চমুকৈ AAP-ৰ হৈ প্ৰবীণ শৰ্মা, আব্দুল ৰজক আৰু সুজিত দাস উপস্থিত থকাৰ বিপৰীতে বিপিএফ (BPF) দলৰ হৈ দুৰ্গা দাস বড়ো, ৰবিনচন মুছাহাৰী, প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়া বৈঠকত উপস্থিত থাকিব ।

ইউপিপিএল (UPPL) দলৰ প্ৰতিনিধি হিচাপে ৰাজু কুমাৰ নাৰ্জাৰী, উইলচন হাজদা, ব্ৰজ কুমাৰ বসুমতাৰী আৰু অমৰজিৎ বসুমতাৰীয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও চিপিআই(এম)-ৰ হৈ ইচফাকুৰ ৰহমান, নিৰকুংশ নাথ আৰু পৰিমল সেনে নিৰ্বাচন আয়োগৰ এই আলোচনাত অংশ ল’ব । এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহে ৰাজ্যৰ আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্তই তেওঁলোকৰ ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ দ্বিতীয় অধ্যায় এটাও আছেঃ ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

শেহতীয়া প্ৰৱন্ধসমূহ