ইণ্ডিয়া এআই ইমপেক্ট এক্সপ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিকে ধৰি বহু বিশ্ব নেতাই কৰিব অংশগ্ৰহণ

ইণ্ডিয়া এআই ইমপেক্ট এক্সপ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিকে ধৰি বহু বিশ্ব নেতাই কৰিব অংশগ্ৰহণ

। গ্ল’বেল চাউথত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সন্মিলন আজি সন্ধিয়া উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়া এ আই ইমপেক্ট ছামিট । গ্ল’বেল চাউথত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সন্মিলন আজি সন্ধিয়া উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰত মণ্ডপমত অনুষ্ঠিত

। গ্ল’বেল চাউথত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সন্মিলন আজি সন্ধিয়া উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

সোমবাৰৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়া এ আই ইমপেক্ট ছামিট । গ্ল’বেল চাউথত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সন্মিলন আজি সন্ধিয়া উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে এ আই ইমপেক্ট ছামিট ২০২৬ । ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ চলিব এই সন্মিলন । পাঁচদিনীয়া এই অনুষ্ঠানত এআই সুৰক্ষা, শাসন আৰু তথ্য সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব । এই অনুষ্ঠানৰ সময়ত যুৱ এআই প্ৰগ্ৰেম, বিশ্বব্যাপী যুৱ প্ৰত্যাহ্বানৰো আয়োজন কৰা হ’ব ।

এই সন্মিলনৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱ পেছাদাৰীসকলৰ মাজত এআইৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । এই প্ৰত্যাহ্বানৰ বাবে প্ৰায় ৩৮খন দেশৰ পৰা ২৫০০টা আবেদন আহিছিল । ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়ে ভাৰতৰ ১৫টা দলকে ধৰি ২০টা দল নিৰ্বাচন কৰিব । ২০২৫ চনত শীৰ্ষ চূড়ান্ত প্ৰতিযোগীসকলক নিৰ্বাচিত কৰা হৈছিল । ১৫ৰ পৰা ২০খন দেশৰ ৰাষ্ট্ৰপতি, ৫০ জনতকৈ অধিক মন্ত্ৰী আৰু ৪০ জনতকৈ অধিক ভাৰতীয় আৰু বিশ্বব্যাপী চিইঅ’ই এই সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত আছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক তথা গুগলৰ চিইঅ’ সুন্দৰ পিচাই, বায়’কন গ্ৰুপৰ অধ্যক্ষ কিৰণ মাজুমদাৰ-শ্ব’ আৰু অ’পেন এআইৰ চিইঅ’ ছেম অল্টমেনৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ।

পাঁচদিনীয়া এই সন্মিলনত কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ’ব । স্বাস্থ্য, শক্তি, শিক্ষা, কৃষি, সৱলীকৰণ আৰু অক্ষমতাৰ ক্ষেত্ৰত এআইৰ কেছবুককে ধৰি মূল সংগ্ৰহসমূহ প্ৰকাশ কৰা হ’ব । এপ্লাইড এআইৰ ওপৰত এখন আলোচনা চক্ৰৰো আয়োজন কৰা হ’ব । AI by Her: গ্ল’বেল ইমপেক্ট চেলেঞ্জ অনুষ্ঠিত হ’ব সুষমা স্বৰাজ ভৱনত । এই সন্মিলনৰ সময়ত পেনেল আলোচনা আৰু ঘূৰণীয়া মেজমেলৰো আয়োজন কৰা হ’ব । ভাৰত মণ্ডপমত এ আই ইমপেক্ট এক্সপো অনুষ্ঠিত হ’ব ।

১৩খন দেশৰ পেভিলিয়ন স্থাপন-

ইয়াৰ উপৰিও এআই ব্যৱস্থাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সমৰ্থন প্ৰদৰ্শনৰ বাবে ১৩খন দেশৰ পেভিলিয়ন স্থাপন কৰা হৈছে । ইয়াৰ ভিতৰত থাকিব অষ্ট্ৰেলিয়া, জাপান, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেদাৰলেণ্ড, তাজিকিস্তান, আফ্ৰিকা, ছুইজাৰলেণ্ড, ছাৰ্বিয়া, ইষ্ট’নিয়াৰ পেভিলিয়ন ।

লগতে পঢ়ক : ইজৰাইল ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী, উৎফুল্লিত নেতানিয়াহু…

শেহতীয়া প্ৰৱন্ধসমূহ