ডাভোছৰ বিশ্ব অৰ্থনৈতিক মঞ্চত গ্ৰীণলেণ্ডক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিস্ফোৰক মন্তব্য কৰিছে।
ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চত ভাষণ দিওঁতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউৰোপৰ দায়িত্ব লয়।তেওঁ কয় যে ইউৰোপ সঠিক দিশত আগবাঢ়িব পৰা নাই,যদিও তেওঁ ইউৰোপীয় দেশবোৰক ভাল পায়।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাটোৱে গ্ৰীণলেণ্ডক আমেৰিকাক গতাই দিব লাগে।গ্ৰীণলেণ্ডক অধিগ্ৰহণ কৰিবলৈ বল প্ৰয়োগ নকৰে বুলিও ট্ৰাম্পে কয়।
ট্ৰাম্পে বিশ্বৰ সৰ্ববৃহৎ দ্বীপ গ্ৰীনলেণ্ডক বৰফৰ টুকুৰা বুলি অভিহিত কৰে।তেওঁ কয় যে, ‘আমি মাত্ৰ এটাই বিচাৰো যে, গ্ৰীণলেণ্ডখন আমাৰ হওক,য’ত মালিকীস্বত্ব আৰু মালিকানাধীন অধিকাৰো অন্তৰ্ভুক্ত।
ইয়াক সুৰক্ষিত কৰিবলৈ মালিকীস্বত্ব অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াক লিজত দি সুৰক্ষিত কৰিব নোৱাৰি’। ট্ৰাম্পে নাটোক সকীয়াই দিয়ে যে, ‘আপোনালোকে যদি আমেৰিকাক গ্ৰীণলেণ্ড দখল কৰাত সহায় কৰে তেন্তে আমি কৃতজ্ঞ হ’ম।যদি আপুনি আমাক সমৰ্থন নকৰে তেন্তে আমি মনত ৰাখিম।’
ট্ৰাম্পে কয় যে, ‘কোনে এনে অনুজ্ঞাপত্ৰ চুক্তি বা পট্টা সুৰক্ষিত কৰিব বিচাৰিব,যিটো সাগৰৰ মাজত বৰফৰ এটা ডাঙৰ টুকুৰা মাত্ৰ’।
‘এইখিনিতে যদি যুদ্ধ হয়, তেন্তে বেছিভাগ কাৰ্য্যই সেই বৰফৰ টুকুৰাটোৰ ওপৰতেই সংঘটিত হ’ব।মিছাইলবোৰ সেই বৰফৰ টুকুৰাটোৰ ঠিক ওপৰেৰে পাৰ হৈ যাব’ ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যুক্তি আগবঢ়ায় যে, গ্রীনলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্রণে নাটোৰ মিত্রতাও শক্তিশালী কৰিব’।
তেওঁ লগতে কয় যে,‘এয়া নাটোৰ বাবে কোনো ভাবুকি নহয়।ইয়াৰ ফলত সমগ্ৰ নাটোৰ মিত্ৰজোঁটৰ নিৰাপত্তা আৰু অধিক শক্তিশালী হ’ব।নাটোৱে আমেৰিকাৰ লগত ভাল ব্যৱহাৰ কৰা নাছিল।
লগতে পঢ়ক: গ্ৰীণলেণ্ডক লৈ আকোঁৰগোজ ট্ৰাম্প; সীমা, পৰিচয় আৰু স্বাধীনতাৰ সৈতে আপোচ নকৰাৰ হুংকাৰ ডেনমাৰ্কৰ









