কিমান ঘাতক ভেনিজুৱেলাত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতিক বন্দী কৰা ডেল্টা ফৰ্চ ?  ই কিয় বিপদজনক ?

কিমান ঘাতক ভেনিজুৱেলাত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতিক বন্দী কৰা ডেল্টা ফৰ্চ ?  ই কিয় বিপদজনক ?

আমেৰিকান সেনাৰ আটাইতকৈ গোপনীয় আৰু শক্তিশালী ইউনিট ডেল্টা ফৰ্চ পুনৰবাৰ চৰ্চালৈ আহিছে । আফগানিস্তান, ইৰাক আৰু অন্যান্য সংঘাতপূৰ্ণ অঞ্চলত এই ইউনিটটোৱে বহুতো গোপন অভিযানত জড়িত হৈ আহিছে । ভেনিজুৱেলাত আমেৰিকাই চলোৱা ষ্ট্ৰাইকৰ পিছত আমেৰিকান সেনাৰ আটাইতকৈ গোপনীয় আৰু শক্তিশালী ইউনিট ডেল্টা ফৰ্চ পুনৰবাৰ চৰ্চালৈ আহিছে

আমেৰিকান সেনাৰ আটাইতকৈ গোপনীয় আৰু শক্তিশালী ইউনিট ডেল্টা ফৰ্চ পুনৰবাৰ চৰ্চালৈ আহিছে । আফগানিস্তান, ইৰাক আৰু অন্যান্য সংঘাতপূৰ্ণ অঞ্চলত এই ইউনিটটোৱে বহুতো গোপন অভিযানত জড়িত হৈ আহিছে ।

ভেনিজুৱেলাত আমেৰিকাই চলোৱা ষ্ট্ৰাইকৰ পিছত আমেৰিকান সেনাৰ আটাইতকৈ গোপনীয় আৰু শক্তিশালী ইউনিট ডেল্টা ফৰ্চ পুনৰবাৰ চৰ্চালৈ আহিছে । খবৰ অনুসৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক আমেৰিকাৰ এই স্পেচিয়েল ফৰ্চে বন্দী কৰিছিল । আমেৰিকাৰ এই দাবীয়ে ডেল্টা ফৰ্চ কি, ইয়াৰ ভূমিকা কি আৰু ই কি কি ডাঙৰ অভিযানত জড়িত হৈ আছে, সেই সম্পৰ্কে মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে আমেৰিকাই ভেনিজুৱেলাত বৃহৎ পৰিসৰৰ সামৰিক অভিযান চলাইছিল আৰু ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে । কোনটো ইউনিটে এই অভিযান চলাইছিল সেয়া আনুষ্ঠানিকভাৱে কোৱা হোৱা নাই যদিও আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডেল্টা ফৰ্চ এই অভিযানৰ সৈতে জড়িত হৈ থাকিব পাৰে । উল্লেখ্য যে ২০২০ চনৰ পৰা মাদুৰোৰ বিৰুদ্ধে আমেৰিকাত নাৰ্কো টেৰৰিজমৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি এজন চিনেটৰে তেওঁৰ বিৰুদ্ধে আমেৰিকাত বিচাৰ হ’ব বুলিও দাবী কৰিছিল ।

ডেল্টা ফৰ্চ কি ?

ডেল্টা ফৰ্চৰ আনুষ্ঠানিক নাম হৈছে 1st Special Forces Operational Detachment–Delta (1st SFOD-D) । ইয়াক আমেৰিকান সেনাৰ এটা টায়াৰ-ৱান বিশেষ মিছন ইউনিট বুলি গণ্য কৰা হয়, যাৰ দায়িত্ব মূলতঃ সন্ত্ৰাসবাদ বিৰোধী অভিযান, হাই ভেল্যু টাৰ্গেটৰ গ্ৰেপ্তাৰ বা নিষ্ক্ৰিয় কৰা আৰু পণবন্দী উদ্ধাৰ অভিযান । ইউনিটটোৱে পোনপটীয়াকৈ জইন্ট স্পেছিয়েল অপাৰেশ্যন কমাণ্ডৰ অধীনত কাম কৰে আৰু চৰম গোপনীয়তাৰে অভিযান চলায় ।

কি কি বৃহৎ অভিযান চলাইছে ?

২০১৯ চনত ছিৰিয়াত ইছলামিক ষ্টেটৰ নেতা আবু বকৰ আল বাগদাদীক হত্যা কৰা অভিযানত ডেল্টা ফৰ্চে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইয়াৰ উপৰিও আফগানিস্তান, ইৰাক আৰু অন্যান্য সংঘাতপূৰ্ণ অঞ্চলত এই ইউনিটটোৱে বহুতো গোপন অভিযানত জড়িত হৈ আহিছে । ইয়াৰ উপৰিও ই চি আই এৰ সহযোগত কাম কৰে আৰু প্ৰয়োজন সাপেক্ষে যুদ্ধক্ষেত্ৰত আমেৰিকাৰ নেতাসকলক নিৰাপত্তা প্ৰদান কৰে ।

নিযুক্তি আৰু প্ৰস্তুতি কেনেকৈ কৰা হয় ?

১৯৭৭ চনত চাৰ্লছ বেকৱিথে ডেল্টা ফৰ্চ প্ৰতিষ্ঠা কৰিছিল । এই ইউনিটে প্ৰত্যক্ষভাৱে নিযুক্তি নিদিয়ে; বৰঞ্চ আমেৰিকাৰ সেনাবাহিনীৰ ৰেঞ্জাৰ আৰু বিশেষ বাহিনীৰ পৰা নিৰ্বাচিত অভিজ্ঞ সৈন্যসকলে কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ এই বাহিনীত ভৰ্তি হয় । প্ৰাৰ্থীসকলে বিস্তৃত সামৰিক অভিজ্ঞতা, মানসিক শক্তি আৰু অত্যাধুনিক প্ৰশিক্ষণৰ অধিকাৰী হ’ব লাগে । আজি ডেল্টা ফৰ্চক বিশ্বৰ অন্যতম বিপজ্জনক আৰু সক্ষম স্পেচিয়েল ফৰ্চৰ ইউনিট হিচাপে গণ্য কৰা হয় ।

লগতে পঢ়ক : পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক বন্দী আমেৰিকাৰ… ট্ৰাম্পৰ বৃহৎ দাবী

শেহতীয়া প্ৰৱন্ধসমূহ