ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে । আমেৰিকাই নিজৰ নাগৰিকসকলক ভেনিজুৱেলালৈ নাযাবলৈ পৰামৰ্শ জাৰি কৰিছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰাৰ কথা ঘোষণা কৰিছে । বিগত কেইঘণ্টামানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সংঘটিত হোৱা বিমান আক্ৰমণ আৰু বিস্ফোৰণৰ পিছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লেটিন আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ সামৰিক আৰু ৰাজনৈতিক উত্তাল পৰিস্থিতি দেখা গৈছে । ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিক বিবৃতিযোগে দাবী কৰে যে আমেৰিকাৰ নিৰাপত্তা বাহিনীয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বিশেষ অভিযানত বন্দী কৰিছে ।
ইয়াৰ পূৰ্বে শনিবাৰে কাৰাকাছত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল আৰু চৰকাৰী অট্টালিকাৰ ওপৰেৰে ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছিল । অনুমান কৰা হৈছে যে আমেৰিকাৰ বিমান আক্ৰমণত মাদুৰোৰ নিৰাপত্তা বেষ্টনী ধ্বংস হৈছিল, তাৰ পিছত বিশেষ বাহিনীয়ে তেওঁক বন্দী কৰিছিল । কিন্তু মাদুৰোক দেশৰ ভিতৰতে নিৰাপদ স্থানত ৰখা হৈছে নে আমেৰিকালৈ লৈ যোৱা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
এই খবৰে বিশ্বৰ ৰাজনীতিত তোলপাৰ লগাইছে । এই ঘটনাৰ পিছত মাদুৰো চৰকাৰৰ ঘনিষ্ঠ মিত্ৰ ৰাছিয়া আৰু চীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা আছে । ভেনিজুৱেলাৰ দীৰ্ঘদিনীয়া অৰ্থনৈতিক সংকট আৰু ৰাজনৈতিক অচলাৱস্থাৰ মাজতে এই কাৰ্য্যই প্ৰত্যক্ষভাৱে সম্ভাৱ্য শাসন ব্যৱস্থা পৰিৱৰ্তনৰ সংকেত দিছে ।
আমেৰিকাৰ নাগৰিকক শীঘ্ৰেই ভেনিজুৱেলা এৰাৰ আহ্বান-
আমেৰিকাই নিজৰ নাগৰিকসকলক ভেনিজুৱেলালৈ নাযাবলৈ পৰামৰ্শ জাৰি কৰিছে । ইয়াত কোৱা হৈছে, “ভেনিজুৱেলালৈ নাযাব বা নাথাকিব কাৰণ আপুনি অন্যায়ভাৱে আটক আৰু নিৰ্যাতনৰ বলি হ’ব পাৰে । আপুনি অপহৰণ হ’ব পাৰে, বা আপোনাৰ বিৰুদ্ধে স্থানীয় আইনসমূহৰ অপব্যৱহাৰ হ’ব পাৰে । বৰ্তমান ভেনিজুৱেলাত অপৰাধ, নাগৰিক অশান্তি আৰু আমেৰিকাৰ নাগৰিকৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাৰ দুৰ্বল আশংকা আছে । ভেনিজুৱেলাত বাস কৰা সকলো আমেৰিকান নাগৰিক আৰু বৈধ স্থায়ী বাসিন্দাক শীঘ্ৰেই দেশখন এৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।”
লগতে পঢ়ক : বিশ্বত পুনৰ যুদ্ধৰ উকমুকনি;ভেনিজুৱেলাক আক্ৰমণ আমেৰিকাৰ









