বাৰত চলি আছিল নৱবৰ্ষক আদৰাৰ পাৰ্টি; হঠাৎ প্ৰচণ্ড শব্দ, প্ৰাণ গ’ল ১০ জনৰ

বাৰত চলি আছিল নৱবৰ্ষক আদৰাৰ পাৰ্টি; হঠাৎ প্ৰচণ্ড শব্দ, প্ৰাণ গ’ল ১০ জনৰ

নৱবৰ্ষৰ আনন্দৰ মাজতে এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল চুইজাৰলেণ্ড। বাৰত পাৰ্টি কৰি থকাৰ সময়তেই প্ৰাণ গ’ল ১০ জনৰ। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই চুইজাৰলেণ্ডত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এই বিস্ফোৰণটো এখন বাৰত সংঘটিত হৈছে। এই বিস্ফোৰণৰ ফলত ১০ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক

নৱবৰ্ষৰ আনন্দৰ মাজতে এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল চুইজাৰলেণ্ড। বাৰত পাৰ্টি কৰি থকাৰ সময়তেই প্ৰাণ গ’ল ১০ জনৰ।

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই চুইজাৰলেণ্ডত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এই বিস্ফোৰণটো এখন বাৰত সংঘটিত হৈছে।

এই বিস্ফোৰণৰ ফলত ১০ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।জানিব পৰা মতে চুইজাৰলেণ্ডৰ ক্ৰেনছ মন্টানা চহৰৰ এখন বাৰত সংঘটিত হৈছে এই বিস্ফোৰণটো।বিস্ফোৰণটোৰ পিছতে দাউ দাউ কৈ জ্বলি উঠিছিল বাৰখন।

আৰক্ষীৰ মতে, নৱবৰ্ষৰ উপলক্ষে এই বাৰখনত পাৰ্টি চলি আছিল আৰু তাত যথেষ্ট ভিৰ আছিল।তাৰ মাজতে বিস্ফোৰণটো সংঘটিত হৈছিল। অৱশ্যে বিস্ফোৰণটোৰ কাৰণ এতিয়া লৈকে জানিব পৰা হোৱা নাই।  

আৰক্ষীয়ে জনোৱা মতে বিস্ফোৰণটো নিশা প্ৰায় ১.৩০ মান বজাত কনষ্টেলেচন নামৰ এখন বাৰত সংঘটিত হয়।যিখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। বিস্ফোৰণটোৰ সময়ত বাৰ খনত প্ৰায় ১৫০ জন মান লোক উপস্থিত আছিল।

লগতে পঢ়ক: বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা… মুছলমান বন্ধুৱে চলালে গুলী  

শেহতীয়া প্ৰৱন্ধসমূহ