মমতা বেনাৰ্জীৰ ভেটি কঁপাই পশ্চিমবংগত হুমায়ুন কবীৰৰ বৃহৎ ঘোষণা…

মমতা বেনাৰ্জীৰ ভেটি কঁপাই পশ্চিমবংগত হুমায়ুন কবীৰৰ বৃহৎ ঘোষণা…

পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে হুমায়ুন কবীৰে। সোমবাৰে পশ্চিম বংগৰ ৰাজনীতিত উন্মেষ ঘটিব পাৰে এটা নতুন দলে ! নিলম্বিত তৃণমূল কংগ্ৰেছ নেতা হুমায়ুন কবীৰে পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে । নতুন দল গঠন কৰি ৰাজ্যৰ ২৯৪খন বিধানসভাৰ আটাইকেইখন আসনত

পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে হুমায়ুন কবীৰে। সোমবাৰে পশ্চিম বংগৰ ৰাজনীতিত উন্মেষ ঘটিব পাৰে এটা নতুন দলে !

নিলম্বিত তৃণমূল কংগ্ৰেছ নেতা হুমায়ুন কবীৰে পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে । নতুন দল গঠন কৰি ৰাজ্যৰ ২৯৪খন বিধানসভাৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে কবীৰে । লগতে নিজকে কিং মেকাৰৰ ভূমিকাতো দেখা পোৱা বুলি উল্লেখ কৰিছে হুমায়ুন কবীৰে

সোমবাৰে মুৰ্ছিদাবাদত আনুষ্ঠানিকভাৱে নিজৰ নতুন ৰাজনৈতিক দল খুলিবলৈ সাজু হৈছে হুমায়ুন কবীৰ । আনকি দল গঠনৰ পূৰ্বে তেওঁ স্পষ্টকৈ কৈছে যে তেওঁৰ দলে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সকলো আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । তেওঁ এতিয়াও নিজৰ দলৰ নাম প্ৰকাশ নকৰিলেও এখন টেবুলকে ধৰি তিনিটা নিৰ্বাচনী প্ৰতীকৰ বাবে নিৰ্বাচন আয়োগক আবেদন জনাইছে ।

বিজেপি আৰু টি এম চিক জনাব প্ৰত্যাহ্বান-

কবীৰে কয় যে বংগত তেওঁৰ যুঁজখন বিজেপি আৰু টি এম চি দুয়োটা দলৰ বিৰুদ্ধে হ’ব । কংগ্ৰেছ, চি পি আই(এম), ওৱেইছিৰ দলৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নুই কৰিব নোৱাৰিও বুলিও তেওঁ ইংগিত দিছে ।

ইফালে, মুৰ্ছিদাবাদৰ বিভিন্ন স্থানত হুমায়ুন কবীৰৰ নতুন দলৰ বিজ্ঞাপনৰ পোষ্টাৰ ওলাবলৈ আৰম্ভ কৰিছে । মিৰ্জাপুৰ অঞ্চলত এক বৃহৎ অনুষ্ঠানৰ বাবেও মঞ্চ প্ৰস্তুত কৰা হৈছে, য’ত প্ৰায় চাৰি লাখ লোক সমবেত হ’ব পাৰে বুলি দাবী কৰা হৈছে ।

মুৰ্ছিদাবাদত ১০খন আসন লাভ কৰাৰ দাবী-

মুৰ্ছিদাবাদৰ ২২খন বিধানসভাৰ আসনৰ ভিতৰত কমেও ১০খন আসনত জয়ী হোৱাৰ দাবী কৰিছে হুমায়ুন কবীৰে । বৰ্তমান জিলাখনৰ ২২খন আসনৰ ভিতৰত ২০খন আসন টি এম চিৰ দখলত আছে আৰু বিজেপিৰ দখলত দুখন আসন আছে । উল্লেখ্য যে, অহা বছৰ পশ্চিম বংগত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ সাজু হৈছে ।

লগতে পঢ়ক : অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন দিব বিচাৰিছে কংগ্ৰেছে… নামৰূপৰ জনসভাত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ