দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত এক ভয়ংকৰ ঘটনা।দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীত প্ৰাণ হেৰুৱালে ১১ জনলৈ লোকে।
দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পশ্চিম দিশত নিৰ্বিচাৰে গুলীচালনাৰ এক ঘটনা সংঘটিত হৈছে।গুলীচালনাৰ সময়ত ২০ জন লোকক গাত গুলী লাগিছে।
এই গুলীচালনাত ৩ শিশুসহ ১১ জন লোকৰ মৃত্যু হৈছে।আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে ঘটনাটোৰ পিছতেই পলায়ন কৰে আৰু এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই।আৰক্ষীয়ে জনোৱা মতে, ৰাজপথত খোজ কাঢ়ি গৈ থকাৰ সময়তে কেইবাজনো লোকক লক্ষ্য কৰি লোৱা হয়।
গাউটেং প্ৰাদেশিক আৰক্ষীৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ ব্ৰেণ্ডা মুৰিডিলিৰ মতে আক্ৰমণকাৰী কোন আছিল সেই বিষয়ত এতিয়াও আমাৰ হাতত কোনো তথ্য নাই। আহতসকলক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক: ছিৰিয়াৰ ISIS ৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিলে অপাৰেচন হকআই ষ্ট্ৰাইক…









