শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ বাহিৰ কৰা হয় ।
দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে সন্ধিয়া গুৱাহাটীবাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ৰ সাক্ষী হয় । এই ৰোড শ্ব’ত ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ বাহিৰৰ পৰা আৰম্ভ হোৱা এই ৰোডশ্ব’ৰ বশিষ্ঠ চাৰিআলিৰ সমীপৱৰ্তী ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত পৰে ।
এখন ক’লা ৰঙৰ এছ ইউ ভিৰ সন্মুখত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথৰ দুয়োকাষে থকা উৎসাহী ৰাইজক হাত জোকাৰি সম্ভাষণ জনায় । “মোডী জি জিন্দাবাদ” আৰু “ভাৰত মাতা কি জয়” ধ্বনি সমগ্ৰ ৰোড শ্ব’ত প্ৰতিধ্বনিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিজৰ বাহনত এই ৰোড শ্ব’ত যোগদান কৰে । এই ৰোড শ্ব’ত বিজেপি কৰ্মী আৰু স্বেচ্ছাসেৱকৰ লগতে হাজাৰ হাজাৰ লোকক দেখা যায় । সকলোকে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ উত্ৰাৱল হৈ পৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে, গুৱাহাটীত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । ইয়াৰ পিছতে তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰে । ইয়াৰ পিছতে তেওঁ সৰুসজাইলৈ ৰোড শ্ব’ৰ বাবে আগবাঢ়ে ।
লগতে পঢ়ক : অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল কংগ্ৰেছে… গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন









