ডিপফেকত ডাঙৰ একচন; ইউটিউবে নিষিদ্ধ কৰিলে ভাৰতীয় চেনেল
ডিপফেক ভিডিঅ’ৰ বিৰুদ্ধে ইউটিউবে ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে।ইউটিউবত নিষিদ্ধ কৰা হৈছে দুটা চেনেল, ইয়াৰে এটা ভাৰতীয় চেনেল।
এআই জেনেৰেটেড ভিডিঅ’ তৈয়াৰ কৰি ইউটিউব চেনেলত ভিউ আৰু লাইক লাভ কৰা হৈছিল আৰু ধন উপাৰ্জন কৰা হৈছিল।
গুগলৰ ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মত জৰ্জিয়াৰ কে এইচ ষ্টুডিঅ’ আৰু ভাৰতৰ স্ক্ৰীণ কালচাৰ ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে।ইয়াৰ উপৰিও নীতি উলংঘাৰ বাবে ষ্ট্ৰীমিং প্লেটফৰ্মে বিজ্ঞাপনসমূহো স্থগিত ৰাখিছে।
জানিব পৰা মতে,ইউটিউবে এই দুয়োটা চেনেল নিষিদ্ধ কৰিছে।এই চেনেল সমূহ ইউটিউবত এতিয়া উপলব্ধ নহয়।এই চেনেলসমূহত চিনেমাখনৰ অফিচিয়েল ফুটেজৰ সৈতে এআইয়ে সৃষ্টি কৰা ছবি ব্যৱহাৰ কৰি ভুৱা ট্ৰেইলাৰ আপলোড কৰা হৈছিল,আৰু মতামত সংগ্ৰহ কৰা হৈছিল।নীতি উলংঘাৰ বাবে ইউটিউবে ইতিমধ্যে এই চেনেলসমূহত বিজ্ঞাপন নিষিদ্ধ কৰিছিল।
লগতে পঢ়ক: বিতৰ্কৰ মাজতে সঞ্চাৰ সাথী এপে গঢ়িলে অভিলেখ; এমাহত চাৰিগুণ বৃদ্ধি পালে ডাউনলোড









