ৰাষ্ট্ৰসংঘত পাকিস্তানক কোঠোৰ প্ৰত্যুত্তৰ ভাৰতৰ । জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ আৰু সদায় হৈ থাকিব বুলি কয় ভাৰতে । লগতে ভাৰতে পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰ বুলিও অভিহিত কৰে ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত “শান্তিৰ বাবে নেতৃত্ব” বিষয়ক মুকলি বিতৰ্কৰ সময়ত ভাৰতে পাকিস্তানক কঠোৰ প্ৰত্যুত্তৰ দিয়ে । ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পিয়ে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ আৰু সদায় হৈ থাকিব । তেওঁ সন্ত্ৰাসবাদৰ বিষয়ত কোনো ধৰণৰ আপোচ নাকচ কৰি পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ-
পাকিস্তানী প্ৰতিনিধিৰ বক্তব্যৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰদূত হৰিশ পিয়ে উল্লেখ কৰে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অবিভাজ্য অংগ । তেওঁ কয়, “জম্মু-কাশ্মীৰ, লাডাখ আগতেও ভাৰতৰ অংশ আছিল, আজিও ভাৰতৰ অংশ আৰু সদায়ে ভাৰতৰ অংশ হৈ থাকিব ।” ভাৰতে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়টো বাৰে বাৰে উত্থাপন কৰাটোৱে ভাৰত বিৰোধী স্থিতিৰ প্ৰতিফলন ঘটায় ।
পাকিস্তানে ভাৰতৰ ক্ষতি কৰাৰ অভিযোগ-
ভাৰতে উল্লেখ কৰে যে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হোৱাৰ পিছতো পাকিস্তানে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ ক্ষতিৰ বাবে প্ৰতিটো মঞ্চ ব্যৱহাৰ কৰি আছে । ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ প্ৰতিটো মঞ্চৰ অপব্যৱহাৰ কৰি নিজৰ বিভাজনকাৰী ৰাজনীতি আগুৱাই নিয়াৰ এখন দেশে নিজৰ দায়িত্ব আৰু বাধ্যবাধকতা পালন কৰিব বুলি আশা কৰিব নোৱাৰি ।
সিন্ধু জল সন্ধি সন্দৰ্ভত ভাৰতৰ স্থিতি-
ভাৰতে ৬৫ বছৰ পূৰ্বে সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জল সন্ধি গ্ৰহণ কৰিছিল যদিও পাকিস্তানে তিনিখন যুদ্ধ চলাই ভাৰতৰ বিৰুদ্ধে হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল । ভাৰতে উল্লেখ কৰে যে পাকিস্তানে দশক দশক ধৰি এই সন্ধিৰ মনোভাৱ উলংঘা কৰি আহিছে ।
সন্ত্ৰাসবাদৰ আঁৰত পাকিস্তানৰ হাত-
ভাৰতে উল্লেখ কৰে যে বিগত চাৰিটা দশকত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদে হাজাৰ হাজাৰ ভাৰতীয়ৰ প্ৰাণ কাঢ়ি লৈছে । শেহতীয়া উদাহৰণ হ’ল ২০২৫ চনৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ, য’ত ধৰ্মৰ ভিত্তিত ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল । ভাৰতে পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰ বুলি অভিহিত কৰে ।
সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কাৰণ-
ভাৰতে স্পষ্ট কৰি দিয়ে যে এই পৰিস্থিতিৰ পোহৰত পাকিস্তানে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদী সমৰ্থন বিশ্বাসযোগ্যভাৱে আৰু স্থায়ীভাৱে নিৰ্মূল নকৰালৈকে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।
পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত প্ৰশ্ন-
ৰাষ্ট্ৰদূত হৰিশ পিয়ে পাকিস্তানৰ গণতান্ত্ৰিক ৰাষ্ট্ৰক লৈয়ো প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে পাকিস্তানত প্ৰধানমন্ত্ৰীক কাৰাগাৰত ভৰোৱা হয়, শাসকীয় ৰাজনৈতিক দলটোক নিষিদ্ধ কৰা হয় আৰু সামৰিক বাহিনীয়ে সাংবিধানিক সংশোধনীৰ জৰিয়তে ক্ষমতা দখল কৰে যিয়ে আনকি সামৰিক প্ৰধানজনক আজীৱন সুৰক্ষাও প্ৰদান কৰে । ভাৰতে অৱশেষত উল্লেখ কৰে যে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ সৈতে সম্পূৰ্ণ শক্তিৰে প্ৰতিহত কৰিব । ভাৰতে পুনৰ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয়ত ভাৰতৰ স্থিতি দৃঢ় হৈ থাকিব ।
লগতে পঢ়ক : জৰ্ডানৰ সৈতে ৫খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ, আজি ইথিওপিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী









