সাতটাকৈ উৎক্ষেপণৰ প্ৰস্তুতি ইছৰোৰ, ২০২৬ৰ মাৰ্চৰ ভিতৰত প্ৰথমটো মানৱবিহীন অভিযান

সাতটাকৈ উৎক্ষেপণৰ প্ৰস্তুতি ইছৰোৰ, ২০২৬ৰ মাৰ্চৰ ভিতৰত প্ৰথমটো মানৱবিহীন অভিযান

ইছৰোৱে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সাতটাকৈ উৎক্ষেপণ অভিযানৰ পৰিকল্পনা কৰিছে । সাতটা উৎক্ষেপণৰ ভিতৰত প্ৰথমটো উৎক্ষেপণ অহা সপ্তাহত হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোৱে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সাতটাকৈ উৎক্ষেপণ অভিযানৰ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত গগণযান প্ৰকল্পৰ প্ৰথমটো

ইছৰোৱে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সাতটাকৈ উৎক্ষেপণ অভিযানৰ পৰিকল্পনা কৰিছে । সাতটা উৎক্ষেপণৰ ভিতৰত প্ৰথমটো উৎক্ষেপণ অহা সপ্তাহত হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোৱে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সাতটাকৈ উৎক্ষেপণ অভিযানৰ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত গগণযান প্ৰকল্পৰ প্ৰথমটো মানৱবিহীন অভিযান, থলুৱা বৈদ্যুতিক প্ৰপালচন ব্যৱস্থাৰ প্ৰদৰ্শন আৰু কোৱাণ্টাম কী ডিষ্ট্ৰিবিউশ্যন প্ৰযুক্তিৰ সৈতে জড়িত পৰীক্ষা আদি অন্তৰ্ভুক্ত আছে । এই সাতটা উৎক্ষেপণৰ ভিতৰত প্ৰথমটো উৎক্ষেপণ অহা সপ্তাহত হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে শেহতীয়াকৈ সংসদত কয় যে ভাৰতৰ আটাইতকৈ গধুৰ ৰকেট এল ভি এম-৩য়ে আমেৰিকাৰ কোম্পানী এ এছ টি স্পেচম’বাইলৰ ব্লুবাৰ্ড-৬ যোগাযোগ উপগ্ৰহক কক্ষপথত স্থাপন কৰিব । ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে হোৱা চুক্তিৰ অধীনত এই উৎক্ষেপণ কৰা হ’ব ।

অহা বছৰৰ আৰম্ভণিতে গগণযান প্ৰকল্পৰ প্ৰথমটো মানৱবিহীন অভিযান উৎক্ষেপণ কৰিব এল ভি এম-৩ ৰকেটে । এই অভিযানে “ব্যোমমিত্ৰ” নামৰ এটা ৰবটিক ক্ৰু মডিউল কঢ়িয়াই নিব । ২০২৬ চনত আন এটা মানৱবিহীন অভিযানৰ পৰিকল্পনা কৰা হৈছে, তাৰ পিছত ২০২৭ চনত ভাৰতীয় মহাকাশচাৰীক পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰা হ’ব ।

মন্ত্ৰীগৰাকীয়ে কয় যে গগণযানৰ প্ৰথমটো মানৱবিহীন অভিযানে মানৱ ৰেটেড লঞ্চ বাহনৰ বায়ুগতিবিদ্যাৰ বৈশিষ্ট্যৰ মূল্যায়ন, কক্ষপথৰ মডিউল চলোৱা, ক্ৰু মডিউলত পুনৰ প্ৰৱেশ আৰু ইয়াৰ নিৰাপদে উভতি অহাকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰিব । অহা বছৰ ইছৰোৱে ভাৰতৰ প্ৰথমটো পি এছ এল ভি উৎক্ষেপণ কৰিব, যিয়ে অ’চেনছেট উপগ্ৰহটোক কক্ষপথত স্থাপন কৰিব । একেটা অভিযানতে ভাৰত-মৰিচাছৰ যৌথ উপগ্ৰহ আৰু ধ্ৰুৱ মহাকাশৰ লিপ-২ উপগ্ৰহো কঢ়িয়াই নিব ।

লগতে পঢ়ক : বিশ্বব্ৰহ্মাণ্ডত ফুলৰ মালা… জেমছ ৱেবে আৱিস্কাৰ কৰিলে ২০ তাৰকাৰাজ্যৰ লতা

শেহতীয়া প্ৰৱন্ধসমূহ