প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান...

প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান…

৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলে শুকুৰবাৰে ৯০ বছৰ বয়সত লাটুৰত শেষ নিশ্বাস ত্যাগ কৰে।শুকুৰবাৰে পুৱা প্ৰায় ৬:৩০ বজাত লাটুৰৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে

৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলে শুকুৰবাৰে ৯০ বছৰ বয়সত লাটুৰত শেষ নিশ্বাস ত্যাগ কৰে।শুকুৰবাৰে পুৱা প্ৰায় ৬:৩০ বজাত লাটুৰৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে পাটিলে।

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ঘৰতে চিকিৎসাধীন হৈ আছিল প্ৰাক্তন গৃহমন্ত্ৰী গৰাকী। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত শিৱৰাজ পাটিলে বহু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল, ইয়াৰ ভিতৰত লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদ আছে। পাটিলে ৭ বাৰকৈ লাটুৰ লোকসভাৰ আসনত জয়লাভ কৰিছিল।

তেখেতৰ মৃত্যুৰ পিছত সমগ্ৰ মহাৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত শোকৰ পৰিৱেশ সৃষ্টি হৈছে, কাৰণ ভাৰতীয় ৰাজনীতিত পাটিল এজন শান্ত, সংযত আৰু অত্যন্ত পৰিশ্ৰমী নেতা হিচাপে পৰিচিত আছিল।

১৯৩৫ চনৰ ১২ অক্টোবৰত লাটুৰ জিলাৰ চাকুৰত শিৱৰাজ পাটিলৰ জন্ম হৈছিল। পঢ়া-শুনা সমাপ্ত কৰি তেওঁ প্ৰথমে আয়ুৰ্বেদ চৰ্চা কৰে আৰু তাৰ পিছত মুম্বাই বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে।

১৯৬৭ চনৰ পৰাই তেওঁৰ ৰাজনীতিৰ যাত্ৰা আৰম্ভ হৈছিল। ১৯৮০ চনত তেওঁ প্ৰথমে লাটুৰ লোকসভা আসনৰ পৰা সাংসদ হয় আৰু পৰৱৰ্তী সময়ত একেখন আসনৰ পৰা একেৰাহে সাতটা কাৰ্যকাল লাভ কৰে।

লগতে পঢ়ক: বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক্সন মোডত চৰকাৰ, আৰম্ভ হ’ল অভিযান

শেহতীয়া প্ৰৱন্ধসমূহ