"জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি; SIR ৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ অমিত শ্বাহৰ

“জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”; SIR ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ

বিৰোধী দলপতি ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা গৃহমন্ত্ৰী অমিত শ্বাহৰ। “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি” বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে SIR ৰ সন্দৰ্ভত সাংসদ ৰাহুল গান্ধীক দিলে প্ৰত্যুত্তৰ। ভাষণ আৰম্ভ কৰি শ্বাহে কয় যে বিজেপিৰ সদস্যসকলে নিৰ্বাচনী সংস্কাৰৰ আলোচনাৰ পৰা আঁতৰি নাযায়।

বিৰোধী দলপতি ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা গৃহমন্ত্ৰী অমিত শ্বাহৰ। “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”

বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে SIR ৰ সন্দৰ্ভত সাংসদ ৰাহুল গান্ধীক দিলে প্ৰত্যুত্তৰ। ভাষণ আৰম্ভ কৰি শ্বাহে কয় যে বিজেপিৰ সদস্যসকলে নিৰ্বাচনী সংস্কাৰৰ আলোচনাৰ পৰা আঁতৰি নাযায়।

দৰাচলতে সদনৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অমিত শ্বাহক কয় যে ভোট চুৰি সম্পৰ্কীয় মোৰ তিনিখন সংবাদমেল আলোচনা কৰিবলৈ আপোনালোকক প্ৰত্যাহ্বান জনাইছো।

তাৰ উত্তৰত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, “মই ৩০ বছৰ ধৰি সংসদ বা বিধানসভালৈ নিৰ্বাচিত হৈছো। এনেকুৱা কেতিয়াও হোৱা নাই। মোৰ ভাষণৰ ক্ৰম মই নিৰ্ধাৰণ কৰিম, আপুনি নহয়।”

গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি।স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভোট চুৰি হৈছিল।বিৰোধীয়ে বিশ্বত ভাৰতৰ গণতন্ত্ৰৰ ভাবমূৰ্তি কলংকিত কৰিছে।”

তেওঁ আৰু কয়, “দ্বিতীয়বাৰৰ বাবে তেতিয়া ভোট চুৰি হৈছিল, যেতিয়া ইন্দিৰা গান্ধীয়ে বৰেলীৰ পৰা নিৰ্বাচিত হৈছিল।ৰাজ নাৰায়ণ জীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হৈ কয় যে এই নিৰ্বাচন নিয়ম অনুসৰি অনুষ্ঠিত হোৱা নাছিল”।

“এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে,এই নিৰ্বাচন সঠিকভাৱে জয়ী হোৱা নাছিল,সেয়েহে ইয়াক বাতিল কৰা হৈছে।ইয়াৰ পিছত এই ভোট চুৰিৰ কথা ঢাকি ৰাখিবলৈ সংসদত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব বুলি আইন প্ৰণয়ন কৰা হ’ল।”

বিৰোধীক আক্ৰমণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়, “২০১৪ চনত নৰেন্দ্ৰ মোদী এই দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁলোকে (বিৰোধী) আপত্তি কৰি আহিছে”।

” ২০১৪ চনৰ পৰা ২০২৫ চনলৈ আমি লোকসভা আৰু বিধানসভাকে ধৰি মুঠ ৪৪টা নিৰ্বাচনত জয়ী হৈছো।কিন্তু তেওঁলোকে (বিৰোধী)ও বিভিন্ন বিধানসভাত মুঠ ৩০টা নিৰ্বাচনত জয়লাভ কৰিছে।যদি ভোটাৰ তালিকাখন দুৰ্নীতিগ্ৰস্ত হয়, তেন্তে আপুনি কিয় শপত গ্ৰহণ কৰিলে?

গৃহমন্ত্ৰী শ্বাহৰ এই উত্তৰৰ পিছতে অধ্যক্ষ ওম বিৰলাই ১১ ডিচেম্বৰৰ পুৱা ১১ বজালৈ লোকসভা স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: “কংগ্ৰেছৰ হৈ ময়ে মহিলা গৰাকীৰ ওচৰত ক্ষমা বিচাৰিছো”; ৰাহুল গান্ধীৰ দাবীক প্ৰত্যুত্তৰ কংগনা ৰানাৱটৰ