ছবছৰে এচপৰা ইটাও পৰা নাই প্রস্তাৱিত ভূমিত, এতিয়াও অনিশ্চয়তা আঁতৰা নাই বাবৰি মছজিদৰ

ছবছৰে এচপৰা ইটাও পৰা নাই প্রস্তাৱিত ভূমিত, এতিয়াও অনিশ্চয়তা আঁতৰা নাই বাবৰি মছজিদৰ

বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত ৰায়দানৰ ৬বছৰৰ পাছতো পৰা নাই এচপৰাও ইটা ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ে ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ

বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত ৰায়দানৰ ৬বছৰৰ পাছতো পৰা নাই এচপৰাও ইটা ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ে ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷

২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা ২২ কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷

এই নির্দেশৰ ভিত্তিত ২০২০ চনৰ ৫ আগষ্টত শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰি ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন কৰে ৷ শেহতীয়াকৈ ২৫ নৱেম্বৰত ধ্বজাৰোহণেৰে মন্দিৰৰ নির্মাণকার্য সমাপ্ত কৰে প্রধানমন্ত্রী মোদীয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত আজিলৈকে এচপৰা ইটাও পৰা নাই ৷ মছজিদ নির্মাণৰ বাবে গঠিত ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে প্রস্তাৱিত ভূমিত মছজিদৰ লগতে এখন চিকিৎসালয়, সামূহিক পাকঘৰ আৰু পুথিভঁৰাল নির্মাণৰ কথা উল্লেখ কৰি এখন নক্সাও প্রদর্শন কৰিছিল ৷

শেহতীয়াকৈ সেই ডিজাইনো নাকচ কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে দিয়া ৫ একৰ ভূমিতকৈ অধিক ভূমিৰ প্রয়োজন বুলি দাবী কৰি ভূমি অধিগ্রহণৰ সমস্যাৰ বাবে কাম আগবঢ়াব পৰা নাই বুলি কয় ট্রাষ্টৰ বিষয়ববীয়াই ৷ তেওঁ অৱশ্যে ২০২৬ চনৰ এপ্রিলত নির্মাণকার্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কয় ৷

লগতে পঢ়ক : সোণাগাছিত এছ আই আৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

শেহতীয়া প্ৰৱন্ধসমূহ