ভাৰত ৰক্তাক্ত-ৰ লক্ষ্য জইছ-ই-মহম্মদৰ মহিলা ব্রিগেডৰ

ভাৰত ৰক্তাক্ত-ৰ লক্ষ্য জইছ-ই-মহম্মদৰ মহিলা ব্রিগেডৰ

কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰ নেতৃত্বাধীন জইছে প্রথমবাৰৰ বাবে অনলাইনত জেহাদ বিয়পোৱাৰ উদ্দেশ্যে মহিলা ব্রিগেড গঠন কৰিছে ‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা ভাৰতীয় সেনাই মোক্ষম আঘাত হনা ‘জইছ–ই–মহম্মদ’–এ ভাৰতৰ বিৰুদ্ধে পুনৰ কঁকাল পোনাইছে৷ সমগ্র দেশ জোকাৰি যোৱা শেহতীয়া দিল্লী বিস্ফোৰণত নাম সাঙোৰ খাই পৰা চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ মদতপুষ্ট

কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰ নেতৃত্বাধীন জইছে প্রথমবাৰৰ বাবে অনলাইনত জেহাদ বিয়পোৱাৰ উদ্দেশ্যে মহিলা ব্রিগেড গঠন কৰিছে

‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা ভাৰতীয় সেনাই মোক্ষম আঘাত হনা ‘জইছ–ই–মহম্মদ’–এ ভাৰতৰ বিৰুদ্ধে পুনৰ কঁকাল পোনাইছে৷ সমগ্র দেশ জোকাৰি যোৱা শেহতীয়া দিল্লী বিস্ফোৰণত নাম সাঙোৰ খাই পৰা চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠনটোৱে ভাৰত ৰক্তাক্ত কৰিবলৈ ৰচনা কৰিছে এক ভয়ংকৰ ব্লু–প্রিণ্ট৷

ইয়াৰ অংশ হিচাপে কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰ নেতৃত্বাধীন জইছে প্রথমবাৰৰ বাবে অনলাইনত জেহাদ বিয়পোৱাৰ উদ্দেশ্যে মহিলা ব্রিগেড গঠন কৰিছে৷ যাৰ নাম দিয়া হৈছে জামাত–উল–মোমিনা৷

ইতিমধ্যে প্রায় ৮ সপ্তাহৰ ভিতৰতে জইছৰ এই মহিলা ব্রিগেডত ৫ সহস্রাধিক সদস্যভুক্তি হোৱাৰ কথা দাবী কৰা হৈছে খোদ দুর্ধর্ষ মাছুদ আজহাৰৰ তৰফৰ পৰা ৷

সামাজিক মাধ্যমত দুর্ধর্ষ সন্ত্রাসবাদী নেতাজনে এটা পোষ্টত উল্লেখ কৰিছে এইদৰে– ‘আল্লাৰ কৃপাত মাত্র কেইটামান সপ্তাহৰ ভিতৰতে ৫ হাজাৰতকৈ অধিক মহিলা–যুৱতীয়ে জামাত–উল–মোমিনাত যোগদান কৰিছে৷ যোগদান কৰাসকলৰ বহুতৰে মানসিতাৰ পৰিৱর্তন হোৱাৰ সমান্তৰালভাৱে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে নিজৰ লক্ষ্য ৷

মহিলা ব্রিগেডৰ জিলা ইউনিট গঠন কৰা হ’ব৷ প্রতিখন জিলাত একোগৰাকী মুস্তাজিমা (ব্যৱস্থাপক) থাকিব আৰু তেওঁলোকে দায়িত্ব চমজাই দিব ৷

উল্লেখ্য যে যোৱা ৮ অক্টোবৰত মাছুদ আজহাৰে বাহাৱালপুৰৰ মার্কাজ ওচমান–ও–আলীত জইছৰ মহিলা ব্রিগেড জামাত–উল– মোমিনা গঠনৰ ঘোষণা কৰিছিল৷

তাৰ পাছতে ১৯ অক্টোবৰত নৱগঠিত সংগঠনটোৱে পাক অধিকৃত কাশ্মীৰৰ ৰাৱালকোটত সদস্যাভুক্তিৰ উদ্দেশ্যে দুখতাৰান–ই–ইছলাম নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰে ৷

ইয়াৰ লগে লগে ৫০০ টকা ‘অনুদান’ৰ বিনিময়ত অনলাইনযোগে জেহাদৰ পাঠ দিয়া আৰম্ভ কৰে মাছুদ আজহাৰৰ নৱগঠিত সংগঠনটোৱে৷

ভাৰতক অস্থিৰ কৰাৰ একাধিক ষড়যন্ত্রত লিপ্ত কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰে মহিলা ব্রিগেডৰ নেতৃত্বৰ দায়িত্বভাৰ অর্পণ কৰিছে নিজৰেই ভনীয়েক ছাদিয়া আজহাৰক ৷

মাছুদ আজহাৰৰ ঘোষণাৰ প্রায় ৮ সপ্তাহৰ ভিতৰতে দেশৰ ৫ হাজাৰৰো অধিক মহিলা–যুৱতীয়ে জেহাদৰ প্রতি আকৃষ্ট হোৱাটো গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷

মন কৰিবলগীয়া যে অপাৰেচন সিন্দূৰত ছাদিয়া আজহাৰৰ স্বামী ইউছুফৰ মৃত্যু হৈছিল৷ চোৰাংচোৱা সূত্রৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি জামাত–উল–মোমিনাত সদস্যাভুক্তি হোৱা মহিলাসকলক অনলাইনযোগে ৪০ মিনিটৰ সন্ত্রাসবাদৰ শিক্ষা দিয়া হয় ৷

অনলাইনযোগে সন্ত্রাসবাদৰ শিক্ষা দিয়াকে ধৰি জামাত–উল–মোমিনাৰ সমগ্র কার্যকলাপ নিয়ন্ত্রিত হৈছে পাক অধিকৃত কাশ্মীৰৰ ৰাৱালকোটৰ পৰা৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে খোদ দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰে ইতিপূর্বে দিয়া বার্তাতেই জইছৰ মহিলা ব্রিগেডৰ প্রশিক্ষণসহ অন্যান্য বিষয়ৰ ৰূপৰেখাৰ কথা সদৰী কৰিছে৷

মাছুদ আজহাৰে প্রকাশ কৰা মতে, জইছৰ পুৰুষ ব্রিগেডৰ দৰেই মহিলা ব্রিগেডকো প্রশিক্ষণ দিয়া হ’ব৷ বিশেষকৈ পুৰুষ সন্ত্রাসবাদীসকলে যিদৰে ১৫দিনীয়া দৌৰা–ই–তাৰবিয়াত শীর্ষক প্রশিক্ষণত ভাগ লয়, ঠিক একেদৰে জামাত–উল–মোমিনাত যোগদান কৰা মহিলাসকলে দৌৰা–ই–তাছকিয়াত ভাগ লোৱাটো বাধ্যতামূলক ৷

প্রথম পর্যায়ৰ প্রশিক্ষণত উত্তীর্ণ হোৱাৰ পাছত মহিলা সন্ত্রাসবাদীসকলৰ বাবে জইছে আৰম্ভ কৰিব দ্বিতীয় পর্যায়ৰ দৌৰা–আয়াত–উল–নিশা৷

এই দ্বিতীয় পর্যায়ৰ প্রশিক্ষণ ভাৱালপুৰৰ মার্কাজ ওচমান–ও–আলীত দিয়াৰ ব্যৱস্থা কৰিছে জইছে৷ মহিলাক সন্ত্রাসবাদী সংগঠনটোৰ সদস্যাভুক্তি কৰাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নিয়ম নির্ধাৰণ কৰিছে মাছুদ আজহাৰে ৷

এই সন্দর্ভত কুখ্যাত সন্ত্রাসবাদী নেতাজনে প্রকাশ কৰা অনুসৰি জইছৰ মহিলা ব্রিগেডত যোগদান কৰাসকলে নিজৰ স্বামী অথবা পৰিয়ালক বাদ দি আন কোনো পুুৰুষৰ সৈতে ফোন বা যিকোনো মাধ্যমৰ জৰিয়তে যোগাযোগ ৰাখিব নোৱাৰিব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা মাহত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হৈছিল আত্মঘাতী ভয়ংকৰ বোমা বিস্ফোৰণ৷ এই বিস্ফোৰণ কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰে জইছৰ৷ ১৩জন লোকৰ প্রাণহানি ঘটা বিস্ফোৰণ কাণ্ড সন্দর্ভত চিকিৎসকসহ বহুকেইজন লোক ইতিমধ্যে দিল্লী আৰক্ষী–নিয়াৰ জালত পৰিছে৷

ইয়াৰ ভিতৰত ফৰিদাবাদত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰৰ সমান্তৰালভাৱে গ্রেপ্তাৰ হোৱা ডাঃ শ্বাহিন শ্বাইদ অন্যতম ৷

যিজন ব্যক্তি জইছৰ সন্ত্রাসবাদী শাখাৰ সৈতে ওতপ্রোতভাৱে জড়িত থকাৰ তথ্য ইতিমধ্যে অনুসন্ধানকাৰী সংস্থাই লাভ কৰিছে৷

লগতে পঢ়ক: অৱসানৰ দিশে ইমৰাণ খানক লৈ চলি থকা উৎকণ্ঠাৰ! কাৰাগাৰৰ বাহিৰত সমৰ্থকৰ উত্তাল প্ৰতিবাদ  

শেহতীয়া প্ৰৱন্ধসমূহ