দেশৰ টোল প্লাজা সমূহক লৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে।
দেশৰ পথ ট্ৰেফিক আৰু ঘাইপথৰ যাতায়তত ডাঙৰ পৰিৱৰ্তন আহিব।কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰে যে অহা এবছৰৰ ভিতৰত সমগ্ৰ দেশতে টোল টেক্স সংগ্ৰহ ব্যৱস্থা অৰ্থাৎ বাধা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব।
ইয়াৰ পিছত যাত্ৰীসকলে টোল প্লাজাত ৰৈ থকাৰ প্ৰয়োজন নহ’ব আৰু ইলেক্ট্ৰনিক ব্যৱস্থাৰ জৰিয়তে টোলৰ ধন সম্পূৰ্ণৰূপে কৰ্তন কৰা হ’ব।
গডকাৰীয়ে কয় যে এই নতুন ডিজিটেল ব্যৱস্থাটো ইতিমধ্যে প্ৰায় ১০টা স্থানত কাৰ্যকৰী কৰা হৈছে।অহা এবছৰত ইয়াক সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কলৈ সম্প্ৰসাৰিত কৰা হ’ব।
তেওঁ কয় যে,বৰ্তমান দেশত প্ৰায় ১০ লাখ কোটি টকাৰ ৪৫০০ ঘাইপথ প্ৰকল্প চলি আছে আৰু এই নতুন ব্যৱস্থাৰ দ্বাৰা পথ আৰু যাতায়তৰ গতি দ্ৰুত হ’ব।
নতুন ডিজিটেল টোল ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহ (NETC) প্ৰযুক্তি বিকশিত কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনে।
এই ব্যৱস্থাত বাহনখনৰ উইণ্ডস্ক্ৰীণত RFID অৰ্থাৎ ৰেডিঅ’ ফ্ৰিকুৱেন্সি চিনাক্তকৰণ ডিভাইচ স্থাপন কৰা হ’ব। গাড়ীখন টোল প্লাজাৰ মাজেৰে পাৰ হোৱাৰ লগে লগে, বেংক একাউণ্টৰ সৈতে লিংক কৰা টোল স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ’ব।ইয়াৰ দ্বাৰা কেৱল যান-জঁট হ্ৰাস পোৱাই নহয়,বৰঞ্চ টোল প্লাজাত ৰৈ থকাৰ বাবে হোৱা সময়ৰ অপচয়ও শেষ হ’ব।
লগতে পঢ়ক: কেতিয়া সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলং ? জনালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে









