সূৰ্য ব্ৰিগেডৰ পৰা বাহিৰ হ’ল ৰিংকু সিং, নীতিশ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতে ঘোষণা কৰিছে দল।য’ত সূৰ্যকুমাৰ যাদৱ হ’ব অধিনায়ক।কিন্তু এই দলত ৰিংকু সিং আৰু নীতিশ ৰেড্ডীয়ে সুযোগ পোৱা নাই।
অষ্ট্ৰেলিয়ালৈ যোৱা টিম ইণ্ডিয়াত ৰিংকু আৰু নীতিশক অন্তৰ্ভুক্ত কৰা হৈছিল,য’ত ভাৰতীয় দলে ৫ মেচৰ শৃংখলা ২-১ত জয়লাভ কৰে।
যদিও ৰিংকুৱে মাত্ৰ এখন মেচত হে সুযোগ পাইছিল,কিন্তু বৰষুণৰ বাবে খেলখন বাতিল হৈছিল।যাৰ বাবে সেই মেচতো খেলাৰ সুযোগ নাপালে ৰিংকুৱে।
হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে আৰু অক্ষৰ পেটেলৰ দৰে অল ৰাউণ্ডাৰে দলটোক শক্তিশালী কৰিব,ইফালে, যশপ্ৰিত বুমৰাহ উভতি অহাৰ লগে লগে বলিং আক্ৰমণত ধাৰাবাহিকতা বৃদ্ধি পাব।জিতেশ শৰ্মা আৰু সঞ্জু চেমচনে উইকেটৰ দায়িত্ব ল’ব।

শুভমান গিলক দলত অন্তৰ্ভুক্ত কৰা হৈছে,কিন্তু তেওঁ বিচিচিআই চিঅ’ই (বৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াৰ চেণ্টাৰ অৱ এক্সেলেন্স)ৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰিব লাগিব।ভাৰতীয় টি-২০ দললৈ ঘূৰি আহিছে হাৰ্দিক পাণ্ডিয়া।
দলটোত সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমান গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন(উইকেটকীপাৰ), যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, আৰ্শদ্বীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, ৱাশ্বিংটন সুন্দৰ আছে।
লগতে পঢ়ক: বেক টু বেক শতক অৰ্জন বিৰাট কোহলীৰ; ৰাঁচীৰ পিছত ৰায়পুৰটো আলোড়নৰ সৃষ্টি









