বেক টু বেক শতক অৰ্জন বিৰাট কোহলীৰ; ৰাঁচীৰ পিছত ৰায়পুৰটো আলোড়নৰ সৃষ্টি

বেক টু বেক শতক অৰ্জন বিৰাট কোহলীৰ; ৰাঁচীৰ পিছত ৰায়পুৰটো আলোড়নৰ সৃষ্টি  

দ্বিতীয়খন এদিনীয়াটো দুৰ্দান্ত ফৰ্মত বিৰাট কোহলী। এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতক অৰ্জন আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ অনুষ্ঠিত হৈ আছে। দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লয়।ভাৰতীয় দলে প্ৰথমে বেটিং কৰিছে।ৰাঁচীত খেলা

দ্বিতীয়খন এদিনীয়াটো দুৰ্দান্ত ফৰ্মত বিৰাট কোহলী। এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতক অৰ্জন

আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ অনুষ্ঠিত হৈ আছে।

দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লয়।ভাৰতীয় দলে প্ৰথমে বেটিং কৰিছে।ৰাঁচীত খেলা প্ৰথমখন এদিনীয়াত টিম ইণ্ডিয়াই ১৭ ৰানত জয়লাভ কৰে।

ৰাঁচীৰ পিছত ৰায়পুৰটো দুৰ্দান্ত ফৰ্মত বিৰাট কোহলীক দেখিবলৈ পোৱা গৈছে।কোহলীয়ে ৩৮ অভাৰত ৯০ বলত শতক অৰ্জন কৰে।

এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতক অৰ্জন কৰিছে কোহলীয়ে। অৱশ্যে ১০২ ৰান সংগ্ৰহ কৰিয়েই আউট হয় কোহলী। আনহাতে ১০৫ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰুতুৰাজ গাইকৱাদ।

ৰায়পুৰত এতিয়ালৈকে কেৱল মাত্ৰ এখন এদিনীয়াহে অনুষ্ঠিত হৈছে। যিখন ২০২৩ চনৰ ২১ জানুৱাৰী হৈছিল। য’ত ভাৰতীয় দলে ৮ উইকেটত জয়লাভ কৰে।

লগতে পঢ়ক: আজি ঘোষণা হ’ব পাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি২০ শৃংখলাৰ দল, ৰিয়ান পৰাগক লৈয়ো চৰ্চা

শেহতীয়া প্ৰৱন্ধসমূহ