দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি২০ শৃংখলাৰ দলত কোন কোন ?
বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা চলি আছে । আজি ৰায়পুৰত শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হৈ আছে । অহা ৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন মেচ । ইয়াৰ পিছতে দুয়োটা দলৰ মাজত ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পাঁচখন মেচৰ টি২০ শৃংখলা । অৱশ্যে টি২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া এতিয়াও ঘোষণা কৰা হোৱা নাই । তাৰ মাজতে আজি দলটো ঘোষণা কৰা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।
অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে এই টি২০ শৃংখলাটো অতি গুৰুত্বপূৰ্ণ । সেয়ে সকলোৰে গুৰুত্ব দল নিৰ্বাচনত থাকিব । ইয়াত নিৰ্বাচিত খেলুৱৈসকলক দল পৰিচালনাই বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰিব ।
হাৰ্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তন নিশ্চিত!
খবৰ অনুসৰি, অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । এছিয়া কাপৰ সময়ত পোৱা আঘাতৰ বাবে দুমাহ ধৰি টিম ইণ্ডিয়াৰ পৰা আঁতৰি আছে হাৰ্দিক । অৱশ্যে বুধবাৰে চৈয়দ মুস্তাক আলী ট্ৰফীত খেলি বেটেৰে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে বিস্ফোৰক অলৰাউণ্ডাৰগৰাকীয়ে । ফলস্বৰূপে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে তেওঁৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি ধাৰণা কৰা হৈছে । ইফালে, হাৰ্দিকৰ উভতি আহিলে নীতিশ কুমাৰ ৰেড্ডী দলৰ বাহিৰত থাকিব পাৰে ।
যশস্বী জয়ছোৱাল নে শুভমন গীল ?
কলকাতাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱাৰ বাবে গীলৰ ফিটনেছৰ বিষয়ে এতিয়াও কোনো স্পষ্টতা নাই । ফিট হ’লে নিশ্চয় খেলিব, নহ’লে যশস্বী জয়ছোৱালে সুযোগ পাব । ইয়াৰ অৰ্থ এইটো যে সঞ্জু চেমছনক পুনৰ ইনিংছ মুকলি কৰা দেখা যাব পাৰে ।
চৰ্চাত ৰিয়ান পৰাগো-
অলৰাউণ্ডাৰ ৰিয়ান পৰাগে এই দলত যোগদানৰ সুযোগ পাব পাৰে । যদি এয়া হয় তেন্তে ৱাশ্বিংটন সুন্দৰ বা ৰিংকু সিঙ বাদ পৰিব পাৰে । ইয়াৰ দ্বাৰা ভাৰতৰ বেঞ্চৰ শক্তি কিমান গভীৰ সেয়া বুজা যায় ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ৰ বাবে সাম্ভাব্য ভাৰতীয় দল-
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গীল বা যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমচন, জিতেশ শৰ্মা, অক্ষৰ পেটেল, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, ৰিয়ান পৰাগ ।
লগতে পঢ়ক : ৰোহিত-কোহলীৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ









