ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু বিৰাট কোহলী, DDCAএ কৰিলে নিশ্চিত

ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু বিৰাট কোহলী, ১৫ বছৰৰ পাছত খেলিব এই টুৰ্ণামেন্ট

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হৈছে বিৰাট কোহলী । সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হৈছে বিৰাট কোহলী । দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সচিব অশোক শৰ্মাই উল্লেখ কৰে যে বিৰাট কোহলীয়ে ডি ডি চি এৰ অধ্যক্ষ

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হৈছে বিৰাট কোহলী ।

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হৈছে বিৰাট কোহলী । দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সচিব অশোক শৰ্মাই উল্লেখ কৰে যে বিৰাট কোহলীয়ে ডি ডি চি এৰ অধ্যক্ষ ৰোহন জেটলীক জনাইছে যে তেওঁ বিজয় হাজাৰে ট্ৰফীত খেলিবলৈ সাজু হৈছে । খবৰ অনুসৰি অহা ৩ আৰু ৬ জানুৱাৰীত বিজয় হাজাৰে ট্ৰফীত দিল্লীৰ খেলৰ বাবে বিৰাট কোহলী উপলব্ধ হ’ব ।

এয়া তাৎপৰ্যপূৰ্ণ খবৰ কাৰণ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক ঘৰুৱা শৃংখলা খেলিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে । ইয়াৰ মাজতে বিৰাট কোহলীয়ে বিজয় হাজাৰে ট্ৰফী খেলিবলৈ অস্বীকাৰ কৰা বুলিও খবৰ ওলাইছিল ।

দৰাচলতে বিৰাট আৰু ৰোহিতে টি-২০ আৰু টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লৈছে । দুয়োগৰাকীয়ে এতিয়া কেৱল এদিনীয়া খেলতহে খেলি আছে । সেয়েহে বি চি চি আইয়ে দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে নিজৰ ফৰ্ম অক্ষুণ্ণ ৰখাৰ লগতে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে সুদৃঢ় প্ৰস্তুতি নিশ্চিত কৰিবলৈ ঘৰুৱা মেচ খেলি থকাটো বিচাৰে ।

ৰাঁচীৰ এদিনীয়াৰ পাছতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াৰ বাবে ইতিমধ্যে ৰায়পুৰত উপস্থিত হৈছে টিম ইণ্ডিয়া । আজি অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । অৱশ্যে ইয়াৰ পূৰ্বে নিৰ্বাচক প্ৰজ্ঞান ওঝাই কোহলীৰ সৈতে সাক্ষাৎ কৰে । এই সাক্ষাৎ ঘৰুৱা শৃংখলাৰ বাবে কোহলীৰ উপলব্ধতা আৰু তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ কৰা হৈছিল বুলি খবৰ প্ৰকাশ পাইছে ।

উল্লেখ্য যে, বিৰাটে শেষবাৰৰ বাবে ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ হৈ ৫০ অভাৰৰ মেচ খেলিছিল । এয়া আছিল এন কে পি চালভে চেলেঞ্জাৰ ট্ৰফী, য’ত ইণ্ডিয়া ব্লু আৰু ইণ্ডিয়া ৰেড দলে খেলিছিল । কোহলীয়ে এই প্ৰতিযোগিতাত দিল্লীৰ অধিনায়কত্বৰ লগতে ২০০৯-১০ ছিজনত বিজয় হাজাৰে ট্ৰফী অভিযানতো অধিনায়কত্ব কৰিছিল ।

লগতে পঢ়ক : ৰায়পুৰত আজি দ্বিতীয় এদিনীয়া; শৃংখলা দখলৰ লক্ষ্যৰে নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

শেহতীয়া প্ৰৱন্ধসমূহ