দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব…উচ্চস্তৰীয় বৈঠকৰ অন্তত অমিত শ্বাহ

দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব…উচ্চস্তৰীয় বৈঠকৰ অন্তত অমিত শ্বাহ

দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানী আৰু দেশৰ অন্যান্য প্ৰান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে । শ্বাহে দুখন পৃথক বৈঠক অনুষ্ঠিত কৰি বিষয়াসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে । জানিব পৰা মতে মঙলবাৰে পুৱা

দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানী আৰু দেশৰ অন্যান্য প্ৰান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে । শ্বাহে দুখন পৃথক বৈঠক অনুষ্ঠিত কৰি বিষয়াসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে । জানিব পৰা মতে মঙলবাৰে পুৱা শ্বাহৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় । দুপৰীয়া আন এখন সভাও আহ্বান কৰা হয় ।

প্ৰথমখন বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচা আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ সঞ্চালক প্ৰধান সদানন্দ বসন্ত ডেটে উপস্থিত থাকে । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাতে ভাৰ্চুৱেলি এই বৈঠকত অংশগ্ৰহণ কৰে ।

বৈঠকত শীৰ্ষ বিষয়াসকলে বিস্ফোৰণৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীক বিতংভাৱে উপস্থাপন কৰে । বিয়লিৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত প্ৰায় একেখিনি বিষয়াই অংশগ্ৰহণ কৰে । বিস্ফোৰণৰ গম্ভীৰতা আৰু পৰিস্থিতিৰ সংবেদনশীলতাক লক্ষ্য কৰি গৃহ মন্ত্ৰালয়ে সমগ্ৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ হাতত অৰ্পণ কৰিছে । প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে তদন্ত এন আই এক গতাই দিয়াটো চৰকাৰে এই ঘটনাক সন্ত্ৰাসবাদী কাৰ্য বুলি গণ্য কৰাৰ স্পষ্ট ইংগিত ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণ: বিদেশৰ পৰাই গৃহমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি মুৰ্মূৱে

শেহতীয়া প্ৰৱন্ধসমূহ