দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে ৰাজধানী চহৰখনকে ধৰি দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই ঘটনা সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । এই বৈঠকত কেন্দ্ৰীয় গৃহ

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক

সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে ৰাজধানী চহৰখনকে ধৰি দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই ঘটনা সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচা, এন আই এৰ ডি জি সদানন্দ বসন্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে । জম্মু-কাশ্মীৰৰ ডিজিপি নলিন প্ৰভাতেও ভাৰ্চুৱেলী এই বৈঠকত অংশগ্ৰহণ কৰে ।

দিল্লী বিস্ফোৰণৰ তদন্ত কৰিব এন আই এয়ে-

বৈঠকত শীৰ্ষ বিষয়াসকলে দিল্লী বিস্ফোৰণৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে । বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয়ে দিল্লী বিস্ফোৰণৰ তদন্ত এন আই এ তথা ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ হাতত অৰ্পণ কৰে । উল্লেখ্য যে,  সোমবাৰে সন্ধিয়া ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপৰ ট্ৰেফিক চিগনেলত এখন গাড়ীত হোৱা বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো বাহন ধ্বংস হয় আৰু আন কেইবাজনো লোক আহত হয় ।

বিস্ফোৰণত নিহত ৬ জন লোকক চিনাক্ত

দিল্লীত বিস্ফোৰণৰ পিছত সোমবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাস্থলী পৰিদৰ্শন কৰে । দিল্লী বিস্ফোৰণত নিহত ১২ জন লোকৰ ভিতৰত ৬ জনক চিনাক্ত কৰা হৈছে । ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব তিনিটা মৃতদেহ । সতৰ্কতাৰে দিল্লী মেট্ৰ’ৰ ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ আৰু ৪ নং গেট বন্ধ কৰা হৈছে । লালকিল্লালৈ যোৱা সকলো পথ বন্ধ কৰি দিয়া হৈছে আৰু লালকিল্লাত ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ঘটনাস্থলীৰ তদন্ত অব্যাহত ৰাখিছে ফৰেনছিক দলে ।

সোমবাৰৰ নিশাৰ বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে প্ৰথমে বিস্ফোৰক আইনৰ কিছু ধাৰাত গোচৰ ৰুজু কৰে । অৱশ্যে অধিক তদন্তৰ অন্তত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে । ঘটনাস্থলীত দিল্লী আৰক্ষী, ফৰেনছিক দল আৰু নেশ্যনেল ছিকিউৰিটি গাৰ্ড (এন এছ জি) উপস্থিত হৈ প্ৰমাণ সংগ্ৰহৰ চেষ্টা চলাইছে । দিল্লীৰ জনবহুল অঞ্চল, যেনে বাছ ষ্টেচন, ৰেল ষ্টেচনত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিস্ফোৰণৰ সৈতে জড়িত চাৰিজন সন্দেহযুক্ত লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী

শেহতীয়া প্ৰৱন্ধসমূহ