১-১৯ ডিচেম্বৰলৈ চলিব সংসদৰ শীতকালীন অধিৱেশন
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্সত জনাই যে, সংসদৰ শীতকালীন অধিৱেশন আহ্বান কৰাৰ চৰকাৰৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে অনুমোদন জনাইছে । ১ৰ পৰা ১৯ ডিচেম্বৰলৈ চলিব এই সত্ৰ ।
এক্সত কিৰেন ৰিজিজুৱে কয়, “ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৯ ডিচেম্বৰলৈ সংসদৰ শীতকালীন অধিবেশন আহ্বান কৰাৰ চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে (সংসদীয় কাৰ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি)। আমাৰ গণতন্ত্ৰক শক্তিশালী কৰা আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰা গঠনমূলক আৰু ফলপ্ৰসূ অধিবেশনৰ বাবে আগ্ৰহী ।”
বৰ্ষাকালীন অধিবেশনত অপচয় হৈছিল ১৬৬ ঘণ্টা-
ইয়াৰ পূৰ্বে ২১ আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশন অনিদিৰ্ষ্টকালৰ বাবে স্থগিত হৈছিল । এছ আই আৰক লৈ বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত সংসদৰ ১৬৬ ঘণ্টা সময় অপচয় হয় আৰু ফলত প্ৰায় ২৪৮ কোটি টকা ৰাজহুৱা কৰ হেৰুৱাবলগীয়া হয় । বিশেষ আলোচনাই অপাৰেচন সিন্দুৰ বিষয়টো ৰোধ কৰিলে যদিও এছ আই আৰক লৈ ৰাজনৈতিক যুদ্ধ অন্তিম দিনটোলৈকে চলি থাকিল । এই হুলস্থুলৰ ফলত লোকসভাত ৮৪.৫ ঘন্টা আৰু উচ্চ সদন ৰাজ্যসভাত ৮১.১২ ঘন্টা লোকচান হয় । ৰাজ্যসভাৰ কার্যসূচী মাত্র ৩৮.৮৮ ঘন্টাহে চলে ৷
উল্লেখ্য যে, যিকোনো এখন সদনত এক মিনিটৰ কাৰ্য্যবিধিৰ বাবে ২.৫ লাখ টকা খৰচ হয় । অৰ্থা এক ঘন্টাত প্ৰায় ১.৫ কোটি টকা খৰচ হয় । ইয়াৰ অৰ্থ হ’ল লোকসভাত প্ৰায় ১.২৬ কোটি আৰু ৰাজ্যসভাত ১.২৬ কোটি টকাৰ অপচয় হয় । কিন্তু শেষৰ ৯টা কৰ্মদিনত কাম দ্ৰুতগতি সম্পন্ন হয় । ৰাজ্যসভাত পোন্ধৰখন আৰু লোকসভাত ১২খন বিধেয়ক গৃহীত হয় ।
লগতে পঢ়ক : ‘আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ’; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ









