নিৰ্বাচনৰ মাজতে উত্তপ্ত পৰিস্থিতি; মহামিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱত কনভয়ৰ আক্ৰমণ

নিৰ্বাচনৰ মাজতে উত্তপ্ত পৰিস্থিতি; মহামিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱৰ কনভয়ত আক্ৰমণ

মহামিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱৰ কনভয়ত আক্ৰমণ বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাংশ স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল।য’ত চিপিআই প্ৰাৰ্থী তথা বিধায়ক সত্যেন্দ্ৰ কুমাৰৰ বাহনত আক্ৰমণ কৰা হয়। জানিব পৰা মতে, গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱে সমৰ্থকৰ সৈতে সাৰণৰ মাঞ্জি বিধানসভা সমষ্টিৰ জয়তপুৰ

মহামিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱৰ কনভয়ত আক্ৰমণ

বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাংশ স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল।য’ত চিপিআই প্ৰাৰ্থী তথা বিধায়ক সত্যেন্দ্ৰ কুমাৰৰ বাহনত আক্ৰমণ কৰা হয়।

জানিব পৰা মতে, গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱে সমৰ্থকৰ সৈতে সাৰণৰ মাঞ্জি বিধানসভা সমষ্টিৰ জয়তপুৰ হাইস্কুলত স্থাপন কৰা বুথত উপস্থিত হৈছিল।তাৰ পাছতে একাংশ লোকে সত্যেন্দ্ৰ যাদৱৰ গাড়ীত আক্ৰমণ কৰে।

ইয়াৰ ফলত গাড়ীখনৰ যথেষ্ট ক্ষতি হয়।অভিযোগ অনুসৰি বিধায়কগৰাকীকো আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে।

ইফালে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই বৃহস্পতিবাৰে অভিযোগ উত্থাপন কৰে যে তেওঁৰ বিধানসভা সমষ্টি লখিছৰাইত আৰজেডি সমৰ্থকে তেওঁৰ কনভয়ত আক্ৰমণ চলাইছিল।

ইয়াৰ পিছতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধানক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।জ্ঞানেশ কুমাৰে কয় যে কাকো আইন নিজৰ হাতত ল’বলৈ দিয়া নহ’ব।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ-মুখ্যমন্ত্ৰীয়ে কয় যে, “এন ডি এ ক্ষমতালৈ আহিছে…বুলডজাৰ নিজৰ ছাদত চলিব”।

সিনহাই কয় যে, যেতিয়া তেওঁ নিজৰ সমষ্টিৰ খোৰিয়াৰী গাঁৱলৈ গৈ আছিল,সেই সময়তে ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকে তেওঁৰ গাড়ীখন ঘেৰাও কৰি শিলগুটি আৰু গোবৰ নিক্ষেপ কৰি “মুৰ্দাবাদ” শ্লোগান দিয়ে।

লগতে পঢ়ক: বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ত বন্দী হ’ব ১৪গৰাকী মন্ত্ৰীৰ ভাগ্য

শেহতীয়া প্ৰৱন্ধসমূহ