বিজয়ৰ আনন্দৰ মাজতে সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট

বিজয়ৰ আনন্দৰ মাজতে সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট ক্ৰিকেটক সাধাৰণতে পুৰুষৰ খেল বুলি গণ্য কৰা হয়, কিন্তু সেই ধাৰণা এতিয়া সলনি হ’ব । কাৰণ ভাৰতীয় মহিলা ক্ৰিকেট দলে এনেকুৱা এক সাফল্য অৰ্জন কৰিছে যিটো কোনেও আশা কৰা নাছিল । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটোৱে ২০২৫ চনৰ

সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট

ক্ৰিকেটক সাধাৰণতে পুৰুষৰ খেল বুলি গণ্য কৰা হয়, কিন্তু সেই ধাৰণা এতিয়া সলনি হ’ব । কাৰণ ভাৰতীয় মহিলা ক্ৰিকেট দলে এনেকুৱা এক সাফল্য অৰ্জন কৰিছে যিটো কোনেও আশা কৰা নাছিল । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটোৱে ২০২৫ চনৰ এদিনীয়া বিশ্বকাপত জয়লাভ কৰি ইতিহাস ৰচনা কৰে । দেওবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰে । এই জয়ৰ লগে লগে মহিলা ক্ৰিকেটৰ নতুন বিশ্ব চেম্পিয়ন হ’ল ভাৰত ।

খিতাপ জয়ৰ পিছত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ প্ৰথম পুৱা বিশ্ব চেম্পিয়ন হিচাপে আৰম্ভ হয় । মহিলাৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি মহিলাৰ ক্ৰিকেট খেলত আপত্তি কৰাসকলক উদ্দেশ্যি এক বিশেষ বাৰ্তা দিয়ে তেওঁ । হৰমনপ্ৰীত কৌৰে লিখিছে, “কিছুমান সপোন কোটি কোটি লোকৰ লগত একেলগে দেখা যায়, গতিকে ক্ৰিকেট কেৱল পুৰুষৰ খেল নহয়, ই সকলোৰে খেল ।”

৫২ বছৰৰ পাছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে-

ভাৰতীয় মহিলা দলটোৱে ইতিহাস ৰচনা কৰিছে । মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে হৰমনপ্ৰীত বাহিনীয়ে । টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৭ উইকেটত ২৯৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ২৪৬ ৰানত বল আউট হয় ।

পাঁচটা উইকেট দখল কৰি মেচখন ভাৰতৰ পক্ষত ৰাখে দীপ্তী শৰ্মাই । দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এল উলভাৰ্ডৰ ১০১ ৰানৰ ইনিংছ অথলে যায় । মহিলাৰ এদিনীয়া বিশ্বকাপৰ ৫২ বছৰীয়া ইতিহাসত এয়া ভাৰতৰ প্ৰথমটো এদিনীয়া বিশ্বকাপ খিতাপ । ১৯৭৩ চনত প্ৰথম মহিলা এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হৈছিল । দীপ্তিৰ উপৰিও এই খেলখনত শ্বেফালী বাৰ্মাইও শক্তিশালী প্ৰদৰ্শন আগবঢ়াই । তেওঁ ৮৭ ৰান সংগ্ৰহ কৰাৰ উপৰি দুটা উইকেটো দখল কৰে । খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় শ্বেফালী ।

লগতে পঢ়ক : চেম্পিয়ন হৰমনপ্ৰীত ব্ৰিগেডক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ