চেম্পিয়ন হৰমনপ্ৰীত ব্ৰিগেডক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

চেম্পিয়ন হৰমনপ্ৰীত ব্ৰিগেডক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰতীয় মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ দখল কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে । ২ নৱেম্বৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত হোৱা আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে

ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ দখল কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে । ২ নৱেম্বৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত হোৱা আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে ঐতিহাসিক প্ৰদৰ্শন আগবঢ়ায় । এই মেচত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে । এয়া ভাৰতীয় মহিলা দলৰ প্ৰথমটো বিশ্বকাপ জয় ।

এই ঐতিহাসিক জয়ৰ পিছতে টিম ইণ্ডিয়াৰ খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব । বুধবাৰে (৫ নৱেম্বৰ) দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা দলটোক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এই সাক্ষাৎ দলটোৰ উল্লেখযোগ্য কৃতিত্বক উদযাপন কৰাই নহয় ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক নতুন যুগৰ আৰম্ভণি বুলিও বিবেচিত হৈছে ।

উল্লেখ্য যে এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু তেওঁলোকৰ অভিজ্ঞতা শুনিব । প্ৰধানমন্ত্ৰীৰ সৈতে এই বৈঠক মহিলা খেলুৱৈসকলৰ বাবে এক স্মৰণীয় মুহূৰ্ত হিচাপে প্ৰমাণিত হ’ব, যাৰ অসাধাৰণ প্ৰদৰ্শনে সমগ্ৰ ৰাষ্ট্ৰক গৈৰাৱান্বিত কৰি তুলিছে । ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চেম্পিয়ন মহিলা দলটোৰ বাবে ৫১ কোটিৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক বিজয়ৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স একাউণ্টত বিশেষ টুইট কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, “আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে জয় লাভ কৰিছে । সমগ্ৰ প্ৰতিযোগিতাখনত খেলুৱৈসকলে উৎকৃষ্ট দক্ষতা, আত্মবিশ্বাস আৰু টীম ৱৰ্ক প্ৰদৰ্শন কৰে । এই ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়নসকলক এই ক্ৰীড়া গ্ৰহণ কৰিবলৈ আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ অনুপ্ৰাণিত কৰিব । টিম ইণ্ডিয়ালৈ বহুত অভিনন্দন ।”

লগতে পঢ়ক : ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

শেহতীয়া প্ৰৱন্ধসমূহ