SIR আৰম্ভ হোৱাৰ লগে লগে পশ্চিম বংগত হাহাকাৰ!
পশ্চিম বংগৰ বছিৰহাট আৰু স্বৰূপনগৰ সীমান্তত বিগত তিনিদিন ধৰি হাহাকাৰ সৃষ্টি হৈছে।সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ SIR (Special Intensive Revision) প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে,বহু বাংলাদেশী নাগৰিকে ভাৰত এৰি নিজৰ দেশলৈ উভতি যাবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰিছে।
বি এছ এফে জনোৱা মতে, যোৱা তিনিদিনত কমেও ৯৪জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছে,যিসকলে বিভিন্ন পথেৰে অবৈধভাৱে বাংলাদেশলৈ উভতি যাবলৈ চেষ্টা কৰিছিল।
তথ্য অনুসৰি শুকুৰবাৰৰ পৰা দেওবাৰৰ ভিতৰত বি এছ এফৰ ১৪৩ নং বেটেলিয়নে স্বৰূপনগৰ ছেক্টৰৰ পৰা ৯৪ জন লোকক গ্ৰেপ্তাৰ কৰে।
বি এছ এফৰ সূত্ৰ অনুসৰি ধৃত আটাইকেইজন বাংলাদেশী নাগৰিকে বিগত কেইবাবছৰ ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত বাস কৰি আছিল।তেওঁলোকে ঘৰুৱা সহায়িকা, শ্ৰমিক আৰু দৈনন্দিন মজুৰিৰ কাম কৰি আছিল।
এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে আশংকা কৰিবলৈ ধৰিলে যে ঘৰে ঘৰে ভোটাৰ পৰীক্ষণৰ সময়ত তেওঁলোকৰ পৰিচয় উন্মোচিত হ’ব,সেয়ে আটাইকেইজনে বাংলাদেশলৈ উভতি যোৱাৰ চেষ্টা আৰম্ভ কৰিছিল।









