মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’; কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল দৰ্শক

মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ অৱশেষত আজি মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে।মুক্তিৰ লগে লগেই অভিলেখ ৰচিলে ছবিখনে। ধলপুৱাতে ছবিখন চাবলৈ হিলদল ভাঙি ওলাই আহিছে দৰ্শক।প্ৰতিকূল বতৰকো নেওঁচি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছবিগৃহত হিয়াৰ আমঠু গৰাকীৰ অন্তিমখন ছবি চাবলৈ আহিল দৰ্শক।

মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’

অৱশেষত আজি মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে।মুক্তিৰ লগে লগেই অভিলেখ ৰচিলে ছবিখনে।

ধলপুৱাতে ছবিখন চাবলৈ হিলদল ভাঙি ওলাই আহিছে দৰ্শক।প্ৰতিকূল বতৰকো নেওঁচি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছবিগৃহত হিয়াৰ আমঠু গৰাকীৰ অন্তিমখন ছবি চাবলৈ আহিল দৰ্শক।  

 পুৱা ৪ বাজি ২৫ মিনিটৰ পৰাই আৰম্ভ হ’ল ছবিখনৰ প্ৰথম দৰ্শনী।৯০ বছৰীয়া অসমীয়া ছবিজগতৰ মাইলৰ খুটি হৈ ৰ’ব ছবিখন।ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহটো ৭ দিনৰ বাবে হাউচফুল।

‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহি চকুলো টুকি ছবিগৃহত বাহিৰত অনুৰাগীয়ে গালে ‘মায়াবিনী’।চিনেমা হলত বহি কান্দোনত ভাগি পৰিল অনুৰাগী।ছবিগৃহতে সকলোৱে দিলে জয় জুবিনদাৰ ধ্বনি।

তাৰ মাজতে ঢেকীয়াজুলিৰ নক্ষত্ৰ ছবিগৃহত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাবে এখন আসন সংৰক্ষণ কৰি ৰখা হ’ল। বিশেষ আসনত ৰখা জুবিনৰ প্ৰতিচ্ছবিৰ কাষত অনুৰাগীয়ে বহি চালে ‘ৰৈ ৰৈ বিনালে’।  

লগতে পঢ়ক: আৰু মাত্ৰ কেইটামান ঘন্টাৰ অপেক্ষা; ধলপুৱাতে ছবিগৃহত শুভমুক্তি পাব ৰৈ ৰৈ বিনালে

শেহতীয়া প্ৰৱন্ধসমূহ