ব্লাড ছুগাৰ নিয়ন্ত্ৰণত উপকাৰী পালেং শাক
শীতকাল আহি আছে। এই বতৰত বজাৰ সেউজীয়া শাক-পাচলিৰে ভৰি পৰে।শাক বহু পুষ্টি সমৃদ্ধ। সেউজীয়া শাক বুলিলে প্ৰথমে পালেং শাকৰ কথায়েই মনলৈ আহে। পালেং শাক হৈছে এক ছুপাৰফুড।
ইয়াত ভিটামিন-এ, ভিটামিন-বি ২, ভিটামিন-চি, ভিটামিন-ই, কেলচিয়াম, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, ফছফৰাছ, চেলেনিয়াম, প্ৰ’টিন আৰু ফাইবাৰ যথেষ্ট পৰিমাণে থাকে।
সকলোতকৈ ভাল কথাটো হ’ল পালেং শাক ব্লাড ছুগাৰ ফ্ৰী। এই বনৌষধি টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছত অতি ফলপ্ৰসূ।পালেং শাকত ফাইবাৰৰ পৰিমাণ বেছি। দ্ৰৱণীয় ফাইবাৰে তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে এই শাক উপকাৰী।ইয়াৰ গ্লাইচেমিক ইনডেক্স বা জি আই কম। ফলত ব্লাড ছুগাৰ ৰোগীয়ে নিৰাপদে আহাৰ গ্ৰহণ কৰিব পাৰে। যিহেতু ছুগাৰৰ পৰিমাণ কম, পালেং খালে মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি নহয়।
পালেং শাক খালে ৰক্তহীনতা দূৰ হয়। পালেং শাকত যথেষ্ট পৰিমাণত আইৰণ, এণ্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ আৰু পুষ্টি থাকে। এই পুষ্টিবোৰে শৰীৰৰ পৰা তেজৰ অভাৱ দূৰ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
পালেং শাকত থকা পুষ্টিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনাৰ চকু দুৰ্বল হয়, তেন্তে আপুনি আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে।
যদি আপোনাৰ হজমৰ সমস্যা আছে, তেন্তে আপুনি আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে।পালেং শাক খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়।তদুপৰি, গেছ আৰু বদহজমৰ দৰে সমস্যা আঁতৰ কৰাতো পালেং শাক যথেষ্ট উপকাৰী।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: ডালিমৰ উপকাৰিতাৰ বিষয়ে জানেনে? শতাধিক ৰোগৰ হয় মহৌষধী









