Apple আৰু Starlinkৰ মাজত চুক্তি!এই আইফোন ছিৰিজত উপলব্ধ হ’ব চেটেলাইট সংযোগ

Apple আৰু Starlinkৰ মাজত চুক্তি! Apple ৰ আগন্তুক আইফোনত Starlink চেটেলাইট ইণ্টাৰনেট সংযোগ লাভ কৰিব পাৰিব।আইফোন ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক অবিহনেও কলিং আৰু ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰিব। Apple আৰু ইলন মাস্কৰ কোম্পানী Starlink ৰ মাজত অতি সোনকালে চূড়ান্ত হ’ব এক ডাঙৰ চুক্তি।বৰ্তমান এপলৰ আইফোনসমূহে গ্ল’বেলষ্টাৰৰ জৰিয়তে

Apple আৰু Starlinkৰ মাজত চুক্তি!

Apple ৰ আগন্তুক আইফোনত Starlink চেটেলাইট ইণ্টাৰনেট সংযোগ লাভ কৰিব পাৰিব।আইফোন ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক অবিহনেও কলিং আৰু ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰিব।

Apple আৰু ইলন মাস্কৰ কোম্পানী Starlink ৰ মাজত অতি সোনকালে চূড়ান্ত হ’ব এক ডাঙৰ চুক্তি।বৰ্তমান এপলৰ আইফোনসমূহে গ্ল’বেলষ্টাৰৰ জৰিয়তে চেটেলাইট সেৱা আগবঢ়ায়,যিটো কেৱল নিৰ্বাচিত দেশতহে উপলব্ধ হ’ব।

ষ্টাৰলিংকৰ উপগ্ৰহ সেৱাই বিশ্বৰ ১০০ খনতকৈও অধিক দেশত প্ৰৱেশ কৰিছে।অতি সোনকালে ভাৰততো ষ্টাৰলিংক উপগ্ৰহ সেৱা আৰম্ভ হ’ব।

কোম্পানীটোৱে আইফোন ১৮ ছিৰিজত চেটেলাইট সংযোগ প্ৰদান কৰিব পাৰে,যিটো ষ্টাৰলিংক উপগ্ৰহৰ ওপৰত ভিত্তি কৰি হ’ব।

২০২৬ চনত মুকলি হ’বলগীয়া আইফোন ১৮ ছিৰিজে গ্ল’বেলষ্টাৰৰ সলনি লাভ কৰিব ষ্টাৰলিংক চেটেলাইট সংযোগ থাকিব।

ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে আমেৰিকাৰ আগশাৰীৰ টেলিকম অপাৰেটৰ টি-ম’বাইলৰ সৈতে অংশীদাৰিত্বৰে ডাইৰেক্ট টু ম’বাইল সেৱা পৰীক্ষা কৰিছে।

যদিহে এই চুক্তি এপল আৰু ষ্টাৰলিংকৰ মাজত কৰা হয়, তেন্তে ইয়াৰ পৰা এপল আৰু ষ্টাৰলিংক দুয়োটাই লাভৱান হ’ব।

গ্ল’বেলষ্টাৰৰ উপগ্ৰহ সেৱা আমেৰিকা আৰু ইউৰোপৰ নিৰ্বাচিত দেশসমূহত সীমাবদ্ধ হয়, যাৰ বাবে আইফোনত উপলব্ধ চেটেলাইট সংযোগ সেৱা ব্যৱহাৰকাৰীসকলৰ বাবে ব্যাপকভাৱে উপলব্ধ নহয়।

ষ্টাৰলিংকৰ এই সেৱা ১০০ খনতকৈও অধিক দেশত উপলব্ধ হ’ব, যাৰ বাবে আইফোন ব্যৱহাৰকাৰীয়ে বিপুল সুবিধা লাভ কৰিব।

লগতে পঢ়ক: সাৱধান! বিপদজনক হ’ব পাৰে AI ব্ৰাউজাৰ ব্যৱহাৰ কৰাটো

শেহতীয়া প্ৰৱন্ধসমূহ