ড’নাল্ড ট্ৰাম্পৰে আলোচনা স্থগিত; ৰাছিয়ান নিউক্লিয়াৰ ফৰ্চক অনুশীলনৰ নিৰ্দেশ পুটিনৰ

ৰাছিয়ান নিউক্লিয়াৰ ফৰ্চৰ অনুশীলন বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেশখনৰ কৌশলগত নিউক্লিয়াৰ ফৰ্চ তথা পাৰমাণৱিক বাহিনীক বৃহৎ অনুশীলনৰ নিৰ্দেশ দিয়ে । ইয়াৰ ভিতৰত আছিল মিছাইল উৎক্ষেপণৰ অনুশীলন । ইউক্ৰেইন সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অনুষ্ঠিত হোৱা পৰিকল্পিত শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ পিছতে নিউক্লিয়াৰ ফৰ্চক

ৰাছিয়ান নিউক্লিয়াৰ ফৰ্চৰ অনুশীলন

বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেশখনৰ কৌশলগত নিউক্লিয়াৰ ফৰ্চ তথা পাৰমাণৱিক বাহিনীক বৃহৎ অনুশীলনৰ নিৰ্দেশ দিয়ে । ইয়াৰ ভিতৰত আছিল মিছাইল উৎক্ষেপণৰ অনুশীলন । ইউক্ৰেইন সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অনুষ্ঠিত হোৱা পৰিকল্পিত শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ পিছতে নিউক্লিয়াৰ ফৰ্চক এই আদেশ দিয়ে পুটিনে ।

তিনিওটা বিভাগৰ পাৰমাণৱিক অনুশীলন-

ক্ৰেমলিনৰ মতে, এই অনুশীলনত ৰাছিয়াৰ সমগ্ৰ পৰমাণু ত্ৰয়ী (স্থল, জল আৰু বায়ু পাৰমাণৱিক ক্ষমতা) জড়িত আছিল । বিবৃতি অনুসৰি, স্থলভাগৰ পৰা—আৰ এছ-২৪ ইয়াৰছ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলটো উত্তৰ-পশ্চিম ৰাছিয়াৰ প্লেচেটস্ক উৎক্ষেপণ কেন্দ্ৰৰ পৰা নিক্ষেপ কৰা হৈছিল । পানীৰ পৰা—বেৰেণ্টছ সাগৰত নিয়োজিত এখন চাবমেৰিনৰ পৰা আৰ-২৯আৰ এম ইউ চিনেভা আই চি বি এম উৎক্ষেপণ কৰা হৈছিল । আকাশৰ পৰা—টুপলেভ টিউ-৯৫ বোমাৰু বিমানে দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইল নিক্ষেপ কৰিছিল ।

বৈঠক সন্দৰ্ভত পুটিন-ট্ৰাম্পৰ বিবৃতি-

ক্ৰেমলিনৰ এক বিবৃতিত কোৱা হৈছে যে এই অনুশীলনত সামৰিক আদেশৰ প্ৰস্তুতি আৰু পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ অনুমোদন প্ৰদানৰ প্ৰক্ৰিয়া পৰীক্ষা কৰা হয় । ৰাছিয়াৰ জেনেৰেল ষ্টাফৰ মুৰব্বী জেনেৰেল ভেলেৰী গেৰাচিমোভে ভিডিঅ’ লিংকৰ জৰিয়তে পুটিনক এই খবৰ দিয়ে । পুটিনে কয় যে এই অনুশীলন পূৰ্ব নিৰ্ধাৰিত আছিল যদিও ইয়াৰ সময় ট্ৰাম্পৰ ঘোষণাৰ কেইঘণ্টামান পিছতে আহিছিল । মঙলবাৰে ট্ৰাম্পে কৈছিল যে তেওঁ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত পুটিনক সাক্ষাৎ কৰিব নিবিচাৰে কাৰণ “এয়া সময়ৰ অপচয় হ’ব” ।

বুধবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে পৰ্যাপ্ত প্ৰস্তুতি চলিলেহে দুয়োখন দেশৰ মাজত শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব । তেওঁ কয়, “ট্ৰাম্প বা ৰাষ্ট্ৰপতি পুটিনে, কোনোৱেই নিজৰ সময় নষ্ট কৰিব নিবিচাৰে । দুয়োজন নেতাই ফলপ্ৰসূ আৰু উৎপাদনশীলভাৱে কাম কৰাত অভ্যস্ত আৰু ইয়াৰ বাবে ভাল প্ৰস্তুতিৰ প্ৰয়োজন ।”

লগতে পঢ়ক : এইবাৰ হোৱাইট হাউচত ট্ৰাম্পে চলালে বুলড’জাৰ !