এয়াৰ ইণ্ডিয়াৰ ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী বিমানত অঘটন
গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান কাৰিকৰী বিজুতিৰ সন্মুখীন হৈ পুনৰ গুৱাহাটীলৈ উভতি আহে । সোমবাৰে সংঘটিত হয় এই ঘটনা । পৰৱৰ্তী সময়ত মেৰামতি কৰাৰ পিছত বিমানখনে পুনৰ সন্ধিয়া নিৰাপদে ডিব্ৰুগড়ত উপস্থিত অৱতৰণ কৰে । অৱশ্যে এই সমস্যাৰ সবিশেষ এতিয়াও বিমান সংস্থাটোৱে প্ৰকাশ কৰা নাই ।
জানিব পৰা মতে বয়িং ৭৩৭ মেক্স ৮ বিমানখনে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দুপৰীয়া ১২:২০ বজাত উৰা মাৰিছিল আৰু ডিব্ৰুগড় বিমানবন্দৰত ১:২৫ বজাত অৱতৰণ কৰাৰ কথা আছিল । কিন্তু অৱতৰণ কৰাৰ ঠিক পূৰ্বে পাইলটে বিমানখনৰ এটা উইঙৰ সৈতে জড়িত এভিয়নিকছ চিষ্টেমত এক সমস্যা লক্ষ্য কৰি ততাতৈয়াকৈ গুৱাহাটীলৈ উভতি যাবলৈ বাধ্য হয় ।
অভিযন্তাৰ দ্বাৰা পৰিদৰ্শন আৰু মেৰামতিৰ অন্তত পুনৰ গুৱাহাটীৰ পৰা IX-1186 নম্বৰৰ বিমানখনে উৰা মাৰি সন্ধিয়া ৬:২০ বজাত ডিব্ৰুগড়ত উপস্থিত হয় । সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ; দেখা গ’ল আই এন এছ বিক্ৰান্তৰ শক্তি









