সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গ আৱেগিক মন্তব্য
সুৰস্ৰষ্টা জুবিনৰ এমহীয়া আদ্যশ্ৰাদ্ধ উপলক্ষে সমাধিস্থলীত উপস্থিত পত্নী গৰিমা শইকীয়া গাৰ্গ। সমাধিস্থলীত উপস্থিত হৈয়েই প্ৰথমে স্বামীৰ সমাধিৰ সন্মুখত সেৱা ল’লে পত্নী গৰিমাই।
সমাধিস্থলীত কান্দি কান্দি ৰাইজক সম্বোধন কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে, আমিয়েই জুবিনক সদায় লৈ ঘূৰি ফুৰিব লাগিব।কাৰণ আমাৰ সকলোৰে আত্মাত জুবিন আছে।
কোটি কোটি জনতাৰ মাজত চিৰকাল জুবিন জীয়াই থাকিব। আমি সকলোৱে গছ ৰুৱ লাগিব।গছ ৰুই গোটেই উত্তৰ-পূৰ্বাঞ্চলখন সেউজীয়া কৰিব লাগিব।
তেওঁ লগতে কয় যে, ‘আপোনালোকে মোৰ শক্তি। মোক আপোনালোকৰ ঘৰৰ এজন সদস্য বুলি ভাবিব। মোক সদায় আশীৰ্বাদ দিব।মই আপোনালোকৰ মৰমৰ বাবেই ইয়ালৈ আহি আছো। মোক আপোনালোকৰ সহায় আৰু সহযোগ লাগিব।
জুবিন গাৰ্গক সুঁৱৰি জনতাৰ সৈতে পত্নী গৰিমা শইকীয়া গাৰ্গে গালে -মনৰ নিজানত জোনাক আছিলে।
লগতে পঢ়ক: জুবিন গাৰ্গবিহীন বিহীন এটা মাহ; সোণাপুৰত গুণমুগ্ধৰ ভিৰ









