১৫ অক্টোবৰত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

১৫ অক্টোবৰত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

১৫ অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ ফলাফল । ১৫ অক্টোবৰৰ পুৱা ১১ বজাত ঘোষণৈা কৰা হ’ব এই ফলাফল । সোমবাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১৫ অক্টোবৰ, বুধবাৰে

১৫ অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

১৫ অক্টোবৰত ঘোষণা কৰা হ’ব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ ফলাফল । ১৫ অক্টোবৰৰ পুৱা ১১ বজাত ঘোষণৈা কৰা হ’ব এই ফলাফল । সোমবাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১৫ অক্টোবৰ, বুধবাৰে সংশ্লিষ্ট ৱেবচাইটযোগে প্ৰাৰ্থীসকলে নিজৰ নিজৰ ফলাফল লাভ কৰিব ।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে-“ স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত নিযুক্তিৰ প্ৰতিশ্ৰুতি আমাৰ লক্ষ্য…

আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা ১৫ অক্টোবৰৰ পুৱা ১১ বজাত ঘোষণা কৰা হ’ব। ইয়াৰ লগে লগে বিভিন্ন কেটেগৰীত মুঠ ৪৬০৪টা পদ পূৰণ সম্পন্ন হ’ব। এয়াও যুৱক-যুৱতীসকলক সুৰক্ষিত কৰ্মসংস্থাপন প্ৰদানৰ দিশত আমাৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব৷”

৫০২৩ টা পদৰ বাবে ২০২৪ বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হৈছিল চতুৰ্থ বৰ্গৰ পৰীক্ষা । এই ফলাফলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণ কৰা হ’ব ।

ইফালে ১০ অক্টোবৰ, শুকুৰবাৰে ঘোষণা কৰা হয় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ ফলাফল । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী থকা ৭,৬৫০ টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা ।

লগতে পঢ়ক : আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল…