ইউ জি চি নেট পৰীক্ষাৰ বাবে কৰক আৱেদন
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ইউ জি চি নেট ডিচেম্বৰ ২০২৫ পৰীক্ষাৰ সময়সূচী । এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এন টি এৰ অফিচিয়েল ৱেবছাইট – nta.ac.in বা ugcnet.nta.ac.in ত বিস্তৃত অধিসূচনা চাব পাৰে ।
ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ পৰীক্ষা ৩১ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৭ জানুৱাৰীলৈ কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) মোডত সমগ্ৰ ভাৰতৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ’ব । পৰীক্ষাত তিনি ঘণ্টাকৈ (কোনো ধৰণৰ বিৰতি নোহোৱাকৈ) এটা ছেশ্যনতে দুখনকৈ প্ৰশ্ন কাকত থাকিব । বৰ্তমান জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে আৰু প্ৰাৰ্থীসকলে ২০২৫ চনৰ ৭ নৱেম্বৰলৈকে আবেদন কৰিব পাৰিব ।
ইউ জি চি নেট পৰীক্ষাত মুঠ ৩০০ নম্বৰ থাকিব, য’ত ১৫০টা বস্তুনিষ্ঠ (বহু বিকল্পী) প্ৰশ্ন থাকিব । পৰীক্ষাৰ সময়সীমা ৩ ঘণ্টা । আবেদন আৰু মাচুল পৰিশোধ কৰাৰ অন্তিম তাৰিখ ২০২৫ চনৰ ৭ নৱেম্বৰ, আনহাতে সংশোধনৰ অন্তিম তাৰিখ ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ । সকলো প্ৰাৰ্থীকে পঞ্জীয়ন প্ৰক্ৰিয়া শেষ সময়সীমাৰ পূৰ্বেই সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে শেষ মুহূৰ্তৰ সম্ভাৱ্য কাৰিকৰী সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ।
জি চি নেট পৰীক্ষা বাবে প্ৰাৰ্থীৰ শ্ৰেণী বা কাষ্ট অনুসৰি আবেদন মাচুল বেলেগ বেলেগ হয় । সাধাৰণ/অসংৰক্ষিত প্ৰাৰ্থীৰ বাবে ১,১৫০, জেনেৰেল-ই ডব্লিউ এছ আৰু অবিচি-এনচিএল প্ৰাৰ্থীৰ বাবে মাচুল ৬০০ টকা । অনুসূচিত জাতি, অনুসূচিত জনজাতি, প্ৰতিবন্ধী ব্যক্তি আৰু তৃতীয় লিংগ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩২৫ টকা মাচুল পৰিশোধ কৰিব লাগিব । মাচুল পৰিশোধ কেৱল অনলাইন মোডৰ জৰিয়তেহে গ্ৰহণ কৰা হয়, যেনে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, বা ইউ পি আই ।
কেনেকৈ আবেদন কৰিব-
১/ জি চি নেট পৰীক্ষাৰ আৱেদনৰ বাবে (UGC NET ) অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in চাওক ।
২/ হোমপেজত থকা UGC NET December 2025 পৰীক্ষাৰ তথ্য লিংকত ক্লিক কৰক ।
৩/ পৰীক্ষাৰ সময়সূচীৰ সবিশেষ থকা এটা নতুন পেজ খোল খাব ।
৪/ ভৱিষ্যতে ব্যৱহাৰৰ বাবে পৃষ্ঠাটো ডাউনলোড কৰি প্ৰিন্ট কৰক ।
পঞ্জীয়ন বা মাচুল পৰিশোধৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ’লে প্ৰাৰ্থীসকলে এন টি এ হেল্পডেস্কৰ ০১১-৪০৭৫৯০০০ বা ০১১-৬৯২২৭৭০০ নম্বৰত যোগাযোগ কৰিব পাৰে বা সহায়ৰ বাবে [email protected] লৈ ইমেইল প্ৰেৰণ কৰিব পাৰে । অধিক তথ্য আৰু আপডেটৰ বাবে প্ৰাৰ্থীসকলক নিয়মিতভাৱে এন টি এ আৰু ইউ জি চি নেটৰ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে ।
লগতে পঢ়ক : প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ গঢ়ি তুলিব আত্ম-অনুশাসন ?









