স্মৃতি মন্ধানাই ৰচিলে ইতিহাস
ভাৰতীয় দলটোৱে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ চতুৰ্থখন মেচ ১২ অক্টোবৰত (দেওবাৰ) অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল।
বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জয়লাভ কৰে আৰু প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ল’লে।
এই সময়ছোৱাত স্মৃতি মন্ধানাই ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।বাওঁহাতৰ বেটছমেন স্মৃতি মান্ধনাই এইবাৰ মহিলাৰ এদিনীয়াত ১০০০ ৰান সম্পূৰ্ণ কৰে।
স্মৃতি মান্ধনা এনে প্ৰথম বেটছমেন হিচাপে পৰিগণিত হৈছে,যিয়ে এটা বছৰত মহিলাৰ একদিনীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১০০০ ৰান সংগ্ৰহ কৰিছে।
ইয়াৰ পূৰ্বে কোনো মহিলা খেলুৱৈয়ে এই কাম কৰিব পৰা নাছিল।ইয়াৰ পূৰ্বে শ্ৰেষ্ঠ স্থান অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক বেলিণ্ডা ক্লাৰ্কে লাভ কৰিছিল,যিয়ে ১৯৯৭ চনত মহিলাৰ এদিনীয়া মেচত গড়ে ৮০.৮৩ ৰানত ৯৭০ ৰান সংগ্ৰহ কৰিছিল।
মহিলাৰ এদিনীয়া মেচত সৰ্বাধিক পঞ্চাশ ৰান সংগ্ৰহ কৰি এতিয়া দ্বিতীয় সৰ্বোচ্চ ভাৰতীয় অংশীদাৰিত্ব হিচাপে পৰিগণিত হৈছে স্মৃতি-প্ৰটেইকা।মহিলাৰ এদিনীয়া খেলতো স্মৃতি মান্ধনাই পাঁচ হাজাৰ ৰান সম্পূৰ্ণ কৰে।
ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ আৰু বিশ্বৰ পঞ্চমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়।স্মৃতি হৈছে মহিলাৰ এদিনীয়াত সৰ্বনিম্ন ইনিংছত ৫০০০ ৰান আৰু কম সংখ্যক বল সংগ্ৰহ কৰা খেলুৱৈগৰাকী।
লগতে পঢ়ক: অমৃত কণ্ঠ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ









