UNGA

UNGA ৰ মঞ্চত ডাঙৰ প্ৰকাশ; “পাকিস্তানে নিজেই অপাৰেচন সেন্দূৰৰ সময়ত জনাইছিল যুদ্ধবিৰতিৰ আবেদন”

UNGA ৰ মঞ্চত ডাঙৰ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (UNGA)ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দিয়া বক্তব্যক লৈ ভাৰতে তীব্ৰ আপত্তি জনাইছে আৰু সেই কথা স্পষ্ট কৰি দিয়ে যে, ‘অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তান সেনাইহে যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছিল, ভাৰত আৰু পাকিস্তানৰ যিকোনো বিষয়ত কোনো তৃতীয় পক্ষৰ

UNGA ৰ মঞ্চত ডাঙৰ প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (UNGA)ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দিয়া বক্তব্যক লৈ ভাৰতে তীব্ৰ আপত্তি জনাইছে আৰু সেই কথা স্পষ্ট কৰি দিয়ে যে, ‘অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তান সেনাইহে যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছিল, ভাৰত আৰু পাকিস্তানৰ যিকোনো বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা থাকিব নোৱাৰে’।

ভাৰতীয় স্থায়ী মিছনৰ প্ৰথম সচিব পেটাল গেহলটে এই প্ৰতিক্ৰিয়া তেতিয়া প্ৰকাশ কৰিছিল যেতিয়া শ্বৰীফে ভাষণত কয় যে,ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উত্তৰ দিয়াৰ অধিকাৰ ব্যৱহাৰ কৰি গেহলটে ক’লে,‘আজি এই বৈঠকত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পৰা এটা অৰ্থহীন বক্তব্য শুনা গ’ল।তেওঁ পুনৰবাৰ সন্ত্ৰাসবাদক গুণগান কৰিলে, যিটো পাকিস্তানৰ বৈদেশিক নীতিৰ মূল ভেটি।”

শ্বৰীফে ভাষণত দাবী কৰিছিল যে ভাৰতৰ সৈতে বাকী থকা সকলো সমস্যা “সমগ্ৰ, ব্যাপক আৰু ফলাফলমুখী” আলোচনাৰ বাবে সাজু হৈছে, আৰু লগতে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতক সমালোচনা কৰে।

তেওঁ লগতে কয় যে ট্ৰাম্পৰ এই প্ৰচেষ্টাই দক্ষিণ এছিয়াত সম্ভাৱ্য যুদ্ধ ৰোধ কৰাত সহায় কৰিছিল,আৰু পাকিস্তানে তেওঁক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছে।

লগতে পঢ়ক: “৭ মাহত ৭খন ডাঙৰ যুদ্ধ বন্ধ কৰি দিলোঁ”; UNGA ত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য