UNGA ত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ ভূমিকা আৰু আমেৰিকাৰ বিশ্ব শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে।
ট্ৰাম্পে সাতখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি কয় যে তেওঁ ভাৰত-পাকিস্তান আৰু ইজৰাইল-ইৰাণৰ ১২ দিনীয়া যুদ্ধকে ধৰি সাতখন “অন্তহীন যুদ্ধ”ৰ অন্ত পেলালে। তেওঁ কয় যে, ৰাষ্ট্ৰসংঘই এই কামটো কৰিলে ভাল আছিল, কিন্তু কৰিবলগীয়া হৈছিল।’
ট্ৰাম্পে আমেৰিকাৰ শক্তি আৰু কৃতিত্বৰ বিষয়ে বৰ্ণনা কৰি কয় যে আমেৰিকাৰ অৰ্থনীতি, সীমান্ত, সামৰিক শক্তি, বন্ধুত্ব আৰু জাতীয় মনোভাৱ আটাইতকৈ শক্তিশালী। তেওঁ ইয়াক “আমেৰিকাৰ সোণালী যুগ” বুলি অভিহিত কৰিছিল।
ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যক লৈও প্ৰশ্ন উত্থাপন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে সংগঠনটোৱে নিজৰ সম্পূৰ্ণ সম্ভাৱনা পূৰণ কৰা নাই।
তেওঁ কয় যে,”বেছিভাগ ক্ষেত্ৰতে,তেওঁলোকে কেৱল শক্তিশালী শব্দৰে লিখা চিঠি লিখে আৰু অনুসৰণ নকৰে।ইয়াৰ লগে লগে তেওঁ সাতখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰিছিল।
লগতে পঢ়ক: পাকিস্তান আৰু চৌদি আৰবৰ মাজত সম্পন্ন প্ৰতিৰক্ষা চুক্তি…