জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে।সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক সমূহ এজাহাৰ চি আই ডিলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ”।
মুখ্যমন্ত্ৰী গৰাকীৰ এই পোষ্টটোৰ জৰিয়তে জানিব পৰা গৈছে যে জুবিন গাৰ্গৰ মৃত্যু তদন্ত এতিয়া CID এ কৰিব। ইয়াৰ বাবে DGPক নিৰ্দেশ দিছে তেওঁ। সমগ্ৰ ঘটনা তন্ন তন্ন পৰীক্ষা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক: “তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত,ছিংগাপুৰৰ অকাংশ অসমীয়া”; মুখ্যমন্ত্ৰী