ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক গুলীয়াই হত্যা
আমেৰিকাৰ ৰক্ষণশীল যুৱ নেতা তথা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্ক (৩১)ক বুধবাৰে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই । যুটা ভেলী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে কাৰ্ক গুলীয়াই হত্যা কৰা হয় । ট্ৰুথ ছ’চিয়েলত তেওঁৰ মৃত্যু নিশ্চিত কৰাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে শোক প্ৰকাশ কৰে । উটাহৰ গৱৰ্ণৰ স্পেন্সৰ কক্সে ইয়াক ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰিছে ।
বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা বিতৰ্ক কাৰ্যসূচীত কাৰ্কে দৰ্শকৰ পৰা প্ৰশ্ন লৈ থকাৰ সময়তে এই কাণ্ড সংঘটিত হয় । এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগে লগে দূৰৰ পৰা নিক্ষেপ কৰা গুলীয়ে তেওঁক আঘাত কৰে । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত কাৰ্কক তেজৰ মাজত পৰি থকা দেখা গৈছে আৰু সেই স্থানত বিশৃংখলাতৰ সৃষ্টি হোৱা দেখা যায় ।
আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে ক’লা কাপোৰ পৰিধান কৰি কেম্পাছৰ এটা অট্টালিকাৰ ছাদৰ পৰা গুলীচালনা কৰে । আক্ৰমণৰ লগে লগে কেম্পাছ খালী কৰি অনিৰ্দিষ্টকাললৈ শ্ৰেণী বাতিল কৰা হয় । চাৰিওফালৰ অঞ্চলত অব্যাহত আছে অনুসন্ধান অভিযান ।
একে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে চাৰ্লি কাৰ্কৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ লিখিছে যে এজন প্ৰকৃত মহান আমেৰিকান দেশপ্ৰেমিক চাৰ্লি কাৰ্কৰ সন্মানত দেওবাৰে সন্ধিয়া ৬ বজালৈকে সমগ্ৰ আমেৰিকাত সকলো আমেৰিকাৰ পতাকা অৰ্ধনমিত কৰি ৰখা হব ।
ট্ৰাম্পে আৰু লিখিছে যে চাৰ্লি কাৰ্ক এতিয়া এই পৃথিৱীত নাই । তেওঁৰ দৰে আমেৰিকাৰ যুৱক-যুৱতীসকলক কোনেও বুজি নাপালে । সকলোৱে তেওঁক ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল ।
লগতে পঢ়ক : নেপালৰ পিছত এইবাৰ ফ্ৰান্সৰ ৰাজপথত বিদ্ৰোহ; ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ