আজি শিক্ষক দিৱস
আজি শিক্ষক দিৱস। শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা হয় এই দিৱস।আজিৰ দিনটোতে সমগ্ৰ দেশজুৰি মহান দাৰ্শনিক, পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
পণ্ডিত তথা ভাৰতৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুবৰ্গই ৫ ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল।
এই অনুমতিৰ অনুৰোধ শুনি তেখেতে কৈছিল, “মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তেন্তে ই মোৰ বাবে এক সৌভাগ্য হ’ব ।”
ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতনী গ্ৰামৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। তেওঁ একেধাৰে দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা আছিল।
ভাৰতৰ বৌদ্ধিক আৰু শিক্ষা জগতত তেওঁ আগবঢ়াই যোৱা অৱদান অতুলনীয়। এই মহান ব্যক্তিগৰাকী ২৭ বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল।
তেওঁ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ লাভ কৰিছিল।তেওঁ শান্তিৰ নোবেলৰ বাবে এঘাৰবাৰ আৰু সাহিত্যৰ নোবেলৰ বাবে ১৬বাৰকৈ মনোনীত হৈছিল। তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হৈছে-The philosophy of Rabindranath Tagore, Indian Philosophy, The Hindu View of Life, An Idealist View of Life, Eastern Religions and Western Thought আদি।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে তেওঁ সফলতাৰে এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল।
ৰাধাকৃষ্ণণে শিক্ষা সমাজৰ বাবে যথেষ্ঠ বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ জ্ঞানৰ পৰিধি শব্দৰে জুখিব নোৱাৰি। যাৰ বাবে দেশতেই নহয়, বিশ্বতো তেওঁ বিখ্যাত আছিল।
ইমানেই নহয় ভাৰতীয় দৰ্শন লগতে ধৰ্মৰ ওপৰতো তেওঁৰ অগাধ জ্ঞান আছিল।এইগৰাকী মহান মনীষীয়ে ১৯৭৫ চনৰ ১৭ এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰিছিল ।প্ৰতিজন ভাৰতীয়ই তেখেতৰ অৱদানৰ বাবে তেখেতক সদায় স্মৰণ কৰি যাব।
লগতে পঢ়ক: SSC CGL 2025 পৰীক্ষাৰ সূচী মুকলি; ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পৰীক্ষা