‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’; ৰাষ্ট্ৰপতি মুৰ্মুৰ বাৰ্তা…

‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’

শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানত স্মাৰ্ট ব্লেকবৰ্ড, স্মাৰ্ট শ্ৰেণীকোঠা আৰু আধুনিক সা-সুবিধাৰ নিজস্ব গুৰুত্ব আছে যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এজন স্মাৰ্ট শিক্ষক । এনে শিক্ষকেহে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা বুজি পায় আৰু অধ্যয়নক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তোলে বুলি কয় তেওঁ ।

বিজ্ঞান ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে । এই অুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ৬০ গৰাকীৰো অধিক শিক্ষকক সম্বৰ্ধনা জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষক হিচাপে তেওঁৰ দিনবোৰ মনত পেলাই কয় যে এয়া তেওঁৰ জীৱনৰ এক অতি অৰ্থপূৰ্ণ পৰ্যায় । তেওঁ কয়, “স্মাৰ্ট ব্লেকবৰ্ড আৰু শ্ৰেণীকোঠা গুৰুত্বপূৰ্ণ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এজন স্মাৰ্ট শিক্ষক । স্মাৰ্ট শিক্ষক হ’ল সেইসকল যিয়ে শিশুৰ প্ৰয়োজনীয়তা বুজি সংবেদনশীলতাৰে শিক্ষণক আকৰ্ষণীয় কৰি তোলে । এনে শিক্ষকে শিশুসকলক সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম কৰে । জ্ঞানী শিক্ষকে শিশুৰ মাজত মৰ্যাদা আৰু নিৰাপত্তাৰ ভাৱ জগাই তোলে ।”

শিক্ষকৰ প্ৰথম কৰ্তব্য- চৰিত্ৰ গঠন

ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন এজন শিক্ষকৰ প্ৰথম কৰ্তব্য বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয় । তেওঁ কয়, “নৈতিক আচৰণ অনুসৰণ কৰা সংবেদনশীল, দায়িত্বশীল আৰু নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীসকল কেৱল প্ৰতিযোগিতা, মুখস্থ শিক্ষণ আৰু স্বাৰ্থপৰতাৰ প্ৰতি চিন্তিত ছাত্ৰ-ছাত্ৰীতকৈ বহুত ভাল । এজন ভাল শিক্ষকৰ আৱেগ আৰু বুদ্ধি দুয়োটা থাকে । এই দুয়োটাৰ ভাৰসাম্যই ছাত্ৰ-ছাত্ৰীৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় ।”

মুৰ্মুৱে কয় যে দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুৱেও শিক্ষাৰ শক্তিৰে বহু উচ্চতা স্পৰ্শ কৰিব পাৰে আৰু ইয়াত আটাইতকৈ ডাঙৰ ভূমিকা লয় মৰমিয়াল আৰু নিষ্ঠাবান শিক্ষকসকলে । তেওঁ কয় যে শিক্ষকসকলৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ’ল তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক গোটেই জীৱন মনত ৰখা আৰু পৰিয়াল, সমাজ আৰু দেশলৈ প্ৰশংসনীয় অৱদান আগবঢ়োৱা ।

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ভাৰতৰ ভৱিষ্যত-

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য ভাৰতক বিশ্বব্যাপী জ্ঞান মহাশক্তি হিচাপে গঢ়ি তোলা । ইয়াৰ বাবে আমাৰ শিক্ষকসকল বিশ্বৰ শ্ৰেষ্ঠ শিক্ষকৰ শ্ৰেণীত থাকিব লাগিব । তেওঁ কয়, “আমাৰ প্ৰতিষ্ঠান আৰু শিক্ষকসকলে তিনিওটা ক্ষেত্ৰতে সক্ৰিয়ভাৱে অৰিহণা যোগাব লাগিব- স্কুলীয়া শিক্ষা, উচ্চ শিক্ষা আৰু দক্ষতা শিক্ষা । মোৰ বিশ্বাস যে আমাৰ শিক্ষকসকলে ভাৰতক বিশ্বব্যাপী জ্ঞানৰ মহাশক্তি হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।”

লগতে পঢ়ক : বিদ্যালয়ত নিষিদ্ধ হ’ল মোবাইল ফোন; প্ৰণয়ন কৰিলে পৃথক আইন

আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য

আজি শিক্ষক দিৱস

আজি শিক্ষক দিৱস। শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা হয় এই দিৱস।আজিৰ দিনটোতে সমগ্ৰ দেশজুৰি মহান দাৰ্শনিক, পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

পণ্ডিত তথা ভাৰতৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুবৰ্গই ৫ ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল।

এই অনুমতিৰ অনুৰোধ শুনি তেখেতে কৈছিল, “মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তেন্তে ই মোৰ বাবে এক সৌভাগ্য হ’ব ।”

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতনী গ্ৰামৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। তেওঁ একেধাৰে দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা আছিল।

ভাৰতৰ বৌদ্ধিক আৰু শিক্ষা জগতত তেওঁ আগবঢ়াই যোৱা অৱদান অতুলনীয়। এই মহান ব্যক্তিগৰাকী ২৭ বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল।

তেওঁ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ লাভ কৰিছিল।তেওঁ শান্তিৰ নোবেলৰ বাবে এঘাৰবাৰ আৰু সাহিত্যৰ নোবেলৰ বাবে ১৬বাৰকৈ মনোনীত হৈছিল। তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হৈছে-The philosophy of Rabindranath Tagore, Indian Philosophy, The Hindu View of Life, An Idealist View of Life, Eastern Religions and Western Thought আদি।

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে তেওঁ সফলতাৰে এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল।

ৰাধাকৃষ্ণণে শিক্ষা সমাজৰ বাবে যথেষ্ঠ বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ জ্ঞানৰ পৰিধি শব্দৰে জুখিব নোৱাৰি। যাৰ বাবে দেশতেই নহয়, বিশ্বতো তেওঁ বিখ্যাত আছিল।

ইমানেই নহয় ভাৰতীয় দৰ্শন লগতে ধৰ্মৰ ওপৰতো তেওঁৰ অগাধ জ্ঞান আছিল।এইগৰাকী মহান মনীষীয়ে ১৯৭৫ চনৰ ১৭ এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰিছিল ।প্ৰতিজন ভাৰতীয়ই তেখেতৰ অৱদানৰ বাবে তেখেতক সদায় স্মৰণ কৰি যাব।

লগতে পঢ়ক: SSC CGL 2025 পৰীক্ষাৰ সূচী মুকলি; ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পৰীক্ষা