প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ জেলেনস্কিৰ
চীন ভ্ৰমণৰ মাজতে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ সৈতে জড়িত শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে জেলেনস্কিক ধন্যবাদ জনোৱাৰ লগতে সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু আগতীয়াকৈ শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ দৃঢ় আৰু সামঞ্জস্যপূৰ্ণ স্থিতি পুনৰ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত ভাৰতে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।
কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয়, ‘আজি ফোন কলৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ । চলি থকা সংঘাত, ইয়াৰ মানৱীয় দিশ, শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ ওপৰত আমি মত বিনিময় কৰিলোঁ । এই দিশত কৰা সকলো প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে ।’
Thank President Zelenskyy for his phone call today. We exchanged views on the ongoing conflict, its humanitarian aspect, and efforts to restore peace and stability. India extends full support to all efforts in this direction. @ZelenskyyUa
— Narendra Modi (@narendramodi) August 30, 2025
কি ক’লে জেলেনস্কিয়ে ?
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰিলোঁ । ইউৰোপীয় নেতাসকলক লৈ ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ বিষয়ে মই তেওঁক অৱগত কৰিলোঁ । ইউক্ৰেইনে ৰাছিয়াৰ মুৰব্বীৰ সৈতে বৈঠকৰ বাবে সাজু হোৱাৰ কথা পুনৰ প্ৰকাশ কৰে । প্ৰায় দুসপ্তাহ পাৰ হৈ গ’ল আৰু এই সময়ছোৱাত যেতিয়া ৰাছিয়াই কূটনীতিৰ বাবে প্ৰস্তুতি চলাব লাগিছিল, মস্কোৱে কোনো ইতিবাচক সংকেত দিয়া নাই । দেখখনে কেৱল অসামৰিক লক্ষ্যত নিন্দনীয় আক্ৰমণ চলাইছে আৰু আমাৰ কেইবা ডজন লোকক হত্যা কৰিছে ।’
জেলেনস্কিয়ে আৰু কয় ‘নিহতসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি শোক প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো । চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে আমি আমাৰ স্থিতিৰ সমন্বয় সাধন কৰিছিলো । শীৰ্ষ সন্মিলনৰ আঁৰত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত ভাৰতে প্ৰয়োজনীয় প্ৰচেষ্টা আৰু ৰাছিয়া আৰু অন্যান্য নেতালৈ উপযুক্ত সংকেত প্ৰেৰণ কৰিবলৈ সাজু । অদূৰ ভৱিষ্যতে প্ৰধানমন্ত্ৰীক লগ পালে মই সুখী হম ।’
এছ চি অ’ শীৰ্ষ সন্মিলনত মোদী আৰু পুটিনৰ বৈঠক-
সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু জেলেনস্কিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ অতি গুৰুত্বপূৰ্ণ । কাৰণ SCO শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সাক্ষাৎ হ’ব ।
এই সন্মিলনৰ সময়ত পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ সুকীয়া দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে । এই বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত, দ্বিপাক্ষিক বাণিজ্য, শুল্ক আৰু শক্তি খণ্ডৰ দৰে বিষয়ত আলোচনাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : ড্ৰেগনৰ দেশত ৰঙা দলিচাৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক… এছ চি অ’ বৈঠকত কৰিব অংশগ্ৰহণ