প্ৰধানমন্ত্ৰী মোদী-জেলেনস্কিৰ টেলিফোনিক বাৰ্তালাপ

পুটিনক সাক্ষাতৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী-জেলেনস্কিৰ টেলিফোনিক বাৰ্তালাপ … সংঘাত নিৰাময় আৰু শান্তি পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ জেলেনস্কিৰ চীন ভ্ৰমণৰ মাজতে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ সৈতে জড়িত শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে জেলেনস্কিক ধন্যবাদ জনোৱাৰ লগতে সংঘাতৰ শান্তিপূৰ্ণ সমাধান

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ জেলেনস্কিৰ

চীন ভ্ৰমণৰ মাজতে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ সৈতে জড়িত শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে জেলেনস্কিক ধন্যবাদ জনোৱাৰ লগতে সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু আগতীয়াকৈ শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ দৃঢ় আৰু সামঞ্জস্যপূৰ্ণ স্থিতি পুনৰ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত ভাৰতে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয়, ‘আজি ফোন কলৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ । চলি থকা সংঘাত, ইয়াৰ মানৱীয় দিশ, শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ ওপৰত আমি মত বিনিময় কৰিলোঁ । এই দিশত কৰা সকলো প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে ।’

কি ক’লে জেলেনস্কিয়ে ?

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰিলোঁ । ইউৰোপীয় নেতাসকলক লৈ ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ বিষয়ে মই তেওঁক অৱগত কৰিলোঁ । ইউক্ৰেইনে ৰাছিয়াৰ মুৰব্বীৰ সৈতে বৈঠকৰ বাবে সাজু হোৱাৰ কথা পুনৰ প্ৰকাশ কৰে । প্ৰায় দুসপ্তাহ পাৰ হৈ গ’ল আৰু এই সময়ছোৱাত যেতিয়া ৰাছিয়াই কূটনীতিৰ বাবে প্ৰস্তুতি চলাব লাগিছিল, মস্কোৱে কোনো ইতিবাচক সংকেত দিয়া নাই । দেখখনে কেৱল অসামৰিক লক্ষ্যত নিন্দনীয় আক্ৰমণ চলাইছে আৰু আমাৰ কেইবা ডজন লোকক হত্যা কৰিছে ।’

জেলেনস্কিয়ে আৰু কয় ‘নিহতসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি শোক প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো । চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে আমি আমাৰ স্থিতিৰ সমন্বয় সাধন কৰিছিলো । শীৰ্ষ সন্মিলনৰ আঁৰত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত ভাৰতে প্ৰয়োজনীয় প্ৰচেষ্টা আৰু ৰাছিয়া আৰু অন্যান্য নেতালৈ উপযুক্ত সংকেত প্ৰেৰণ কৰিবলৈ সাজু । অদূৰ ভৱিষ্যতে প্ৰধানমন্ত্ৰীক লগ পালে মই সুখী হম ।’

এছ চি অ’ শীৰ্ষ সন্মিলনত মোদী আৰু পুটিনৰ বৈঠক-

সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু জেলেনস্কিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ অতি গুৰুত্বপূৰ্ণ । কাৰণ SCO শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সাক্ষাৎ হ’ব ।

এই সন্মিলনৰ সময়ত পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ সুকীয়া দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে । এই বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত, দ্বিপাক্ষিক বাণিজ্য, শুল্ক আৰু শক্তি খণ্ডৰ দৰে বিষয়ত আলোচনাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ড্ৰেগনৰ দেশত ৰঙা দলিচাৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক… এছ চি অ’ বৈঠকত কৰিব অংশগ্ৰহণ