যদি ওজন কমাব বিচাৰে তেন্তে ব্ৰেকফাষ্টত কৰক এই পৰিৱৰ্তন
যদি আপোনাৰ ওজন বহুত বেছি আৰু ইয়াক হ্ৰাস কৰিব বিচাৰে বা আপোনাৰ শৰীৰটো স্লিম আৰু ট্ৰিম দেখাব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
ওজন কমোৱাৰ পিছত ইয়াক বৰ্তাই ৰখাটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ওজন কমাবলৈ এনে খাদ্য তালিকা প্ৰস্তুত কৰক যি ভৱিষ্যতেও মানি চলিব পাৰে।
যদি আপুনি আপোনাৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিব বিচাৰে আৰু ওজন কমাব বিচাৰে তেন্তে ব্ৰেকফাষ্টত তেল আৰু চৰ্বি পৰিহাৰ কৰক আৰু চেনিযুক্ত বস্তুৰ সলনি ফাইবাৰ, প্ৰটিন আৰু ভিটামিনযুক্ত বস্তু অন্তৰ্ভুক্ত কৰক।
ব্ৰেকফাষ্টত ওটচ খোৱাটো স্বাস্থ্যৰ বাবে অতি উত্তম কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে হজম শক্তি উন্নত কৰে।ইয়াৰ ফলত ওজন হ্ৰাস হোৱাত সহায় হয়।
চীলা বেচন আটা বা মগু দালি বা ৰাগীৰে তৈয়াৰ কৰিব পাৰি।ই আপোনাৰ হজম শক্তি উন্নত কৰাৰ লগতে আপোনাৰ শৰীৰ শক্তিশালী কৰে,শক্তিৰ মাত্ৰা বৃদ্ধি কৰে, ডায়েবেটিছত উপকাৰী আৰু লগতে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।ই লঘু যদিও পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আৰু আপুনি ইয়াক আপোনাৰ ওজন হ্ৰাসৰ যাত্ৰাত অন্তৰ্ভুক্ত কৰিব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্যৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: শৰীৰৰ কোনটো অংশৰ বাবে উপকাৰী কেশৰ? জানি লওক ইয়াক সেৱনৰ সঠিক উপায়









