ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে দিয়া মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে ভাৰতে । ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে কয় যে এফালে ভাৰত আছে, যিখন এখন পৰিপক্ক গণতন্ত্ৰ, উদীয়মান অৰ্থনীতি, বহুত্ববাদী আৰু সৰ্বাংগীন সমাজ, আনহাতে আনফালে আছে পাকিস্তান, যিখন ধৰ্মান্ধতা আৰু সন্ত্ৰাসবাদত ডুব গৈছে আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা ধাৰাবাহিকভাৱে ঋণ লৈ আছে ।
পি হৰিশে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ ওপৰত বিতৰ্ক কৰি থাকোঁতে এইটো বুজাটো গুৰুত্বপূৰ্ণ যে কিছুমান মৌলিক নীতি আছে যিবোৰক সাৰ্বজনীনভাৱে সন্মান কৰিব লাগিব, তাৰ ভিতৰত এটা হ’ল সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা । আন্তঃৰাষ্ট্ৰীয় সমাজৰ বাবে একেবাৰেই অগ্ৰাহ্যযোগ্য আচৰণত লিপ্ত হৈ পৰিষদৰ কোনো সদস্যই প্ৰচাৰ কৰাটো উপযুক্ত নহয় ।
যুদ্ধবিৰতি সন্দৰ্ভত UNSCত কি ক’লে ভাৰতে ?
যুদ্ধবিৰতি সন্দৰ্ভত পি হৰিছে কয় যে অপাৰেচন সিন্দুৰৰ প্ৰাথমিক লক্ষ্যত উপনীত হোৱাৰ পিছত পাকিস্তানৰ আবেদনত পোনপটীয়াকৈ সামৰিক কাৰ্যকলাপ বন্ধ কৰা হয় । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ওপৰত মুকলি বিতৰ্কৰ সময়ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে কাশ্মীৰৰ বিষয়টো উত্থাপন কৰিছিল ।
কাশ্মীৰ আৰু সিন্ধু জল সন্ধিৰ ওপৰত পাকিস্তানক ধমক-
ইছহাক দাৰৰ প্ৰশ্নত ৰাষ্ট্ৰদূত পি হৰিশে পুনৰবাৰ স্পষ্ট কৰি দিয়ে যে জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ । তেওঁ পাকিস্তানক উত্তৰ দি কয় যে দেশৰ সাৰ্বভৌমত্বক লৈ প্ৰশ্ন উত্থাপন কৰা যিকোনো প্ৰচেষ্টা ভাৰতে কেতিয়াও মানি নলয় । কাশ্মীৰ বিষয়টোক পাকিস্তানে আন্তৰ্জাতিককৰণৰ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰি আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সিন্ধু জল সন্ধিৰ কথা উল্লেখ কৰি পি হৰিছে কয় যে সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বিষয়ত পাকিস্তানে দ্বৈত চৰিত্ৰ নিন্দনীয় ।
লগতে পঢ়ক : চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী; কিং চাৰ্লছ আৰু ষ্টাৰমাৰক কৰিব সাক্ষাৎ