বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ

বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ; ভাৰতীয় খেলুৱৈয়ে কৰিলে বৰ্জন

বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ খেল বাতিল কৰা হৈছে । ভাৰতীয় খেলুৱৈৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছতে আয়োজকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দৰ্ভত ডব্লিউ চি এলে এক বিবৃতি দিছে ।

বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ

দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ খেল বাতিল কৰা হৈছে । ভাৰতীয় খেলুৱৈৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছতে আয়োজকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দৰ্ভত ডব্লিউ চি এলে এক বিবৃতি দিছে । এই মেচখনক লৈ ভাৰতীয় অনুৰাগীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল । কেৱল এয়াই নহয়, শিখৰ ধাৱান, সুৰেশ ৰাইনা, হৰভজন সিঙৰ দৰে প্ৰবীণ খেলুৱৈয়ে এই মেচ বৰ্জন কৰাৰ খবৰো প্ৰকাশ পাইছিল ।

ভাৰতীয় বেটছমেন শিখৰ ধাৱানে এই খেলখনক লৈ ক্ষোভ প্ৰকাশ কৰে ইনষ্টাগ্ৰামত । তেওঁ লিখিছে, মই এতিয়াও ১১ মে’ত লোৱা পদক্ষেপৰ কাষত থিয় দিছো । মোৰ দেশ মোৰ বাবে সকলো আৰু মোৰ দেশতকৈ ডাঙৰ একো নাই । জয় হিন্দ ।

ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে অনুৰাগীয়ে-

পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল । এই প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছিল সুৰেশ ৰাইনা, শিখৰ ধাৱান আৰু হৰভজন সিঙ । কিন্তু ভাৰত-পাকিস্তানৰ খেলখন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত যথেষ্ট ক্ষোভ প্ৰকাশ পাই । অৱশেষত আয়োজকসকলে এই মেচ বাতিল কৰাৰ সিদ্ধান্ত লয় । এই প্ৰতিযোগিতাত যুৱৰাজ সিং নেতৃত্বাধীন দলটোৰ এইখনেই আছিল প্ৰথমখন মেচ । ভাৰতীয় দলটোত আছে শিখৰ ধাৱান, সুৰেশ ৰাইনা, ৰবিন উথাপ্পা আৰু অম্বতি ৰায়ুডুৰ দৰে বেটছমেন ।

আয়োজকসকলে ক্ষমা বিচাৰিলে-

ডব্লিউ চি এলে এক বিবৃতিত কয় যে শেহতীয়াকৈ দুয়োখন দেশৰ মাজত অনুষ্ঠিত ভলীবল খেলৰ পিছত ভাৰত-পাকিস্তানৰ খেলখনৰ দিন ধাৰ্য কৰা হৈছিল । অৱশ্যে খেলখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । আৱেগক আঘাত দিয়াৰ বাবে WCL এ ক্ষমা বিচাৰিছে । প্ৰকাশিত এক বাতৰি অনুসৰি, আন বহু ভাৰতীয় খেলুৱৈও পাকিস্তানৰ সৈতে খেলখন নেখেলাৰ পক্ষত আছিল ।

লগতে পঢ়ক : এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই; এ চি চিৰ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ