ভাৰত, চীন আৰু ব্ৰাজিলক সতৰ্কবাণী নাটোৰ
বুধবাৰে নাটোৰ মহাসচিব মাৰ্ক ৰুটে ভাৰত, ব্ৰাজিল আৰু চীনক এক ডাঙৰ সতৰ্কবাণী প্ৰদান কৰে। তেওঁ কয় যে যদি এই আটাইকেইখন দেশে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিছে, গতিকে তেওঁলোকৰ ওপৰত অতি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব পাৰি।
নাটোৰ মহাসচিব ৰুটে কয় যে তেওঁ আমেৰিকাৰ কংগ্ৰেছৰ চিনেটৰসকলৰ সৈতে সাক্ষাৎ কৰিছে।উল্লেখযোগ্য যে ট্ৰাম্পে ইয়াৰ আগতেও বহুবাৰ এই দেশসমূহক এনে সতৰ্কবাণী দিছিল।
একে সময়তে মাৰ্ক ৰুটৰ এই মন্তব্য আহিল, যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ বাবে নতুন অস্ত্ৰ ঘোষণা কৰাৰ লগতে কোৱা হয় যে যদি ৫০ দিনৰ ভিতৰত শান্তি চুক্তি নহয় তেন্তে ৰাছিয়াৰ ৰপ্তানিৰ ক্ৰেতাৰ ওপৰত ১০০% “কঠোৰ” শুল্ক আৰোপ কৰা হ’ব।
ৰুটে কয় যে, “এই তিনিখন দেশলৈ মোৰ মূল পৰামৰ্শ হ’ল যে যদি আপুনি বৰ্তমান বেইজিং, দিল্লীত থাকে বা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিও হয়, তেন্তে আপুনি এই বিষয়ে গুৰুত্ব দিয়া উচিত কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত ডাঙৰ কৈ পৰিব।”
তেওঁ কৈছে যে, “গতিকে অনুগ্ৰহ কৰি ভ্লাদিমিৰ পুটিনক ফোন কৰি কওক যে তেওঁ শান্তি আলোচনাক গুৰুত্বসহকাৰে ল’ব লাগিব, অন্যথা ব্ৰাজিল, ভাৰত আৰু চীনৰ ওপৰত ইয়াৰ প্ৰভাৱ বৃহৎ হ’ব।”
আমেৰিকাৰ ৰিপাব্লিকান চিনেটৰ থম টিলিছে ট্ৰাম্পৰ এই পদক্ষেপক প্ৰশংসা কৰে, কিন্তু কয় যে ৫০ দিনৰ সময়ছোৱাই তেওঁক চিন্তিত কৰিছে।
আমেৰিকাৰ ৰিপাব্লিকান চিনেটৰ থম টিলিছে উদ্বেগ প্ৰকাশ কৰি কয় যে, ‘মই আশংকা কৰিছো যে পুটিনে এই ৫০ দিন যুদ্ধত জয়ী হ’বলৈ বা শান্তি চুক্তিৰ বাবে উন্নত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিব’।
“যেতিয়া তেওঁলোকে ইউক্ৰেইনত হত্যা সংঘটিত কৰিছে আৰু সম্ভৱতঃ অধিক ভূমি লাভ কৰিছে…যিটো তেওঁ কথা-বতৰাৰ ভিত্তি বনাব পাৰে।”
লগতে পঢ়ক:‘৫০ দিনত ইউক্ৰেইনৰ পৰা যুদ্ধ শেষ কৰক, অন্যথা কৰা হ’ব ১০০% শুল্ক আৰোপ’; ৰাছিয়াক ভাবুকি ট্ৰাম্পৰ