নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰী বনাবলৈ দাবী
কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়ক বেলুৰ গোপালকৃষ্ণই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰী কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
শিমোগা জিলাৰ সাগৰ বিধানসভা আসনৰ পৰা তিনিবাৰৰ বিধায়কগৰাকীয়ে কয় যে, যদি ৭৫ বছৰ বয়সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰে, তেতিয়াহলে গাডকাৰী তেওঁৰ আদৰ্শ উত্তৰাধিকাৰী হ’ব।
গোপালকৃষ্ণৰ এই বক্তব্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ শেহতীয়া বক্তব্যৰ প্ৰতি সঁহাৰি জনাই আহিছে, য’ত তেওঁ ৭৫ বছৰ বয়সত নেতাৰ পদ এৰি যোৱাৰ কথা কৈছিল।
গোপালকৃষ্ণই কয় যে, “গাডকাৰী দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব লাগে, কাৰণ গাডকাৰী সাধাৰণ মানুহৰ লগত আছে।তেওঁ ঘাইপথ আৰু অন্যান্য ক্ষেত্ৰত দেশৰ উন্নয়নৰ বাবে ভাল কাম কৰিছে।
দেশৰ জনসাধাৰণে তেওঁৰ সেৱা আৰু ব্যক্তিত্বৰ বিষয়ে জানে।” তেওঁ লগতে কয় যে,গাডকাৰীৰ ওচৰত দেশৰ উন্নয়নৰ বাবে এটা ধাৰণা আছে আৰু এনে লোককেই প্ৰধানমন্ত্ৰী বনাব লাগে”।
“মোহন ভাগৱতে ইংগিত দিছে যে যিসকল লোকে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে, তেওঁ পদত্যাগ কৰিব লাগিব, গতিকে, মই ভাবো গাডকাৰীৰ সময় আহি পৰিছে। কাৰণ গাডকাৰীকো সুযোগ দিব লাগে।”
লগতে পঢ়ক: ৰাজ্যসভালৈ চাৰিজনক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ…