এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য
১২ জুনত আহমেদাবাদত উৰণৰ কিছু ছেকেণ্ডৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ বিমান বয়িং ৭৮৭-৮ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।এই দুৰ্ঘটনা সন্দৰ্ভত ভাৰতীয় বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে।
এই প্ৰতিবেদনে সকলোকে স্তম্ভিত কৰিছে। এই ১৫ পৃষ্ঠাজোৰা প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমানখন অৱতৰণৰ কিছু ছেকেণ্ডৰ পিছতে হঠাতে বন্ধ হৈছিল দুয়োটা ইঞ্জিন,যাৰ বাবে বিমানখনে শক্তি লাভ কৰিব নোৱাৰিলে আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
AAIB ৰ প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমানখনে সফলতাৰে উৰা মাৰিছিল।ইয়াৰ পিছত সকলো স্বাভাৱিক হৈ আছিল আনকি বিমানখন প্ৰয়োজনীয় উচ্চতাও পাইছিল গৈ।
কিন্তু তাৰ পিছত দুয়োটা ইঞ্জিনৰ ইন্ধন কাটঅফ চুইচবোৰ ‘ৰাণ’ৰ পৰা ‘কাটঅফ’লৈ গতি কৰিলে।অৰ্থাৎ ইঞ্জিনটোৱে ইন্ধন পোৱা নাছিল। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ইঞ্জিনত ইন্ধন নপৰাৰ বাবে শক্তি হেৰুৱাই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
এই সময়ছোৱাত দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাও পোহৰলৈ আহিছে।এজন পাইলটে সুধিছিলে যে, আপুনি চুইচটো কিয় বন্ধ কৰি দিলে? এই কথাত আনজন পাইলটে উত্তৰ দিছিল যে, মই তেনেকুৱা একো কৰা নাই।
এই কথা-বতৰাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে বিমানখনৰ গতি লেহেমীয়া হ’বলৈ ধৰে আৰু বিমানখনে মেডিকেল কলেজৰ ভৱনত খুন্দা মাৰে।
এই গোচৰত ভাৰতৰ বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে এতিয়া ১৫ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰকাশ কৰি দুৰ্ঘটনাৰ কাৰণ জানিবলৈ দিছে।এইটো মাত্ৰ প্ৰাৰম্ভিক প্ৰতিবেদন।
ইয়াত কেৱল কাৰিকৰী কাৰণেই উন্মোচিত হোৱা নাই, বৰঞ্চ ককপিটত শেষৰ কথা-বতৰাইও বহু নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত বিতং তদন্ত এতিয়াও অব্যাহত আছে। বৰ্তমান দুয়োটা ইঞ্জিন কেনেকৈ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গ’ল তাৰ তদন্ত চলি আছে।
লগতে পঢ়ক: কানাডাৰ ওপৰত ৩৫% শুল্ক আৰোপ কৰিব ড’নাল্ড ট্ৰাম্পে; সকলো বস্তুতে হ’ব প্ৰযোজ্য